শান্ত হ'ল পশ্চিম সীমান্ত': যুদ্ধৰ পটভূমিত লিখা এখন যুদ্ধবিৰােধী উপন্যাস

28 1 1
                                    

যােৱা শতিকাৰ প্ৰথম ভাগত আৰু মাজ ভাগত মানুহে দুখন বিধ্বংসী বিশ্বযুদ্ধৰ জন্ম দিছিল। যুদ্ধ
দুখনৰ ফলস্বৰূপে সৃষ্টি হৈছিল দুর্ভিক্ষ, নিবনুৱা সমস্যা, আভ্যন্তৰীণ অশান্তি, প্রদূষণ, পিতৃহীনতা, ভ্রাতৃহীনতা আদি। বিশ্বযুদ্ধৰ ধ্বংলীলাই সৃষ্টি কৰা এখন বিশেষ কিতাপৰ বিষয়ে এই লেখাত ক’বলৈ লােৱা হৈছে। বিশ্বযুদ্ধ দুখনক আধাৰ কৰি বহু কিতাপ ৰচিত হৈছে। তেনে কিতাপবােৰৰ বৈশিষ্ট্য দেশভেদে সুকীয়া সুকীয়া। বিজয়ীসকলে লিখা কিতাপবােৰ, পৰাজিতসকলে লিখা কিতাপৰ দৰে নহয়। আৰু এটা বস্তু দেখিবলৈ পাওঁ যে বিশ্বযুদ্ধ সম্পর্কে লিখা আৰু বিখ্যাত হােৱা বেছিভাগ গ্রন্থৰেই লেখক হয় ইংৰাজ নহয় আমেৰিকান।
তেওঁলােক সকলাে সময়তে নিৰপেক্ষ নহয়। হাজাৰ হ'লেও তেওঁলােকে নিজৰ শত্রুপক্ষৰ বিষয়ে লিখােতে কলমেৰেও শত্রুতা কৰি গৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱ’ নামৰ জীৱনীমূলক গ্ৰন্থখনৰ পাতনিত তেনে পক্ষপাতিতা সম্পর্কে এষাৰ গুৰুত্বপূৰ্ণ কথা লিখিছে। তেওঁ লিখিছে যে, যেতিয়া ইংৰাজসকলে নেপােলিয়ন বনাপাৰ্টৰ জীৱনী লিখিছিল, তেতিয়া তেওঁলােকে নিজৰ চিৰশত্রু নেপােলিয়নক কেতিয়াও এজন নায়ক ৰূপে দেখা নাপাইছিল। অকল ফৰাছী সকলেহে আচল নেপােলিয়ন বনাপার্টক চিনি পাইছিল। সেইকাৰণে যেতিয়া ইংৰাজ বা আমেৰিকানসকলে বিশ্বযুদ্ধ দুখনৰ
বিষয়ে কিতাপ লিখে, তেওঁলােকে লিখে নিজৰ দৃষ্টিভংগীৰে, যি দৃষ্টিভংগীত তেওঁলােকে জার্মানসকলক সদায় নিজৰ শত্ৰু বুলিয়েই ভাবে। তেনে কিতাপ পঢ়িলে আমাৰ এনেকুৱা লাগে যেন জার্মানসকল সঁচাকৈয়ে বহুত বেয়া। কিন্তু নাজীৰ জার্মানীত প্রথম বা দ্বিতীয় বিশ্বযুদ্ধ সম্পর্কীয় বেছিভাগ কিতাপকে নিষিদ্ধ কৰি জ্বলাই পেলােৱা হৈছিল, ফলত জার্মানসকলৰ দৃষ্টিভংগীৰে লিখা বিশ্বযুদ্ধ বিষয়ৰ কিতাপ অতি কমকৈ পােৱা
যায়। ফলত পৃথিৱীৰ মানুহে জার্মানসকলক কেৱল বেয়া বুলিয়েই ভাবিবলৈ ধৰিলে। তেওঁলােকক বেয়া বুলি ভবাৰ আৰু কাৰণ আছে। সেয়া হ’ল হিটলাৰ। কেৱল এজন ব্যক্তি(কিম-জং-উন)ৰ কাৰণে আমি যেনেকৈ
উত্তৰ কোৰিয়াৰ সংস্কৃতি, ইতিহাসৰ প্রতি আগ্রহ অনুভৱ নকৰোঁ, তেনেকৈ আমি কেৱল এডলফ হিটলাৰৰ নৃশংসাৰ বাবে পাহৰিয়েই যাওঁ যে, সেই জার্মানীতে আইনষ্টাইন, মেক্স প্লাংকৰ দৰে ব্যক্তিও জন্ম হৈছিল। কিন্তু জার্মান লেখসকলেও যুদ্ধৰ বিষয়বস্তুৰে অত্যন্ত সংবেদনশীলতাৰে সাহিত্য ৰচনা কৰিছিল। তেনেকুৱা এখন কিতাপ হ’ল—শান্ত হ’ল পশ্চিম সীমান্ত’ (All quit in the western front) কিতাপখনৰ লেখক এৰিব মাৰিয়া ৰিমার্ক। প্রকাশ পাইছিল ১৯২৯ চনত। এইখন এখন উপন্যাস হলেও সকলাে কথাই
বাস্তৱ আধাৰিত। লেখক ৰিমার্কে এই কথা পাতনিত উল্লেখ কৰিছে। তেওঁ নিজে প্রথম বিশ্বযুদ্ধৰ এগৰাকী জার্মান সৈনিক হিচাপে লাভ কৰা ভয়ানক অভিজ্ঞতাৰ আধাৰত উপন্যাসখন লিখিছে। এৰিক মাৰিয়া ৰিমাৰ্কৰ জন্ম হৈছিল ১৮৯৮ চনত জার্মানীৰ অ'চনাব্রুক নামৰ এখন ঠাইত। তেওঁ ১৬ বছৰ বয়সতেই কবিতা, গল্প লিখিবলৈ চেষ্টা কৰিছিল। কিন্তু প্রথম বিশ্বযুদ্ধৰ সময়ত ১৮ বছৰ বয়সতেই তেওঁ বাধ্যতামূলকভাৱে জার্মান সেনা বাহিনীত যােগদান কৰিব লগা হ'ল। এই উপন্যাসখনৰ পৰা আমি জানিবলৈ পাওঁ যে যুদ্ধখনে তেওঁৰ মন, শৰীৰ সকলাে বিধ্বস্ত কৰি দিলে। যুদ্ধ শেষ হােৱাৰ পাছত তেওঁ সেনা বাহিনীৰ
পৰা ওলাই আহিল আন কেইবাখনাে কিতাপৰ লগতে লিখি উলিয়ালে শান্ত হ’ল পশ্চিম সীমান্ত’ নামৰ উপন্যাসখন। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হােৱাৰ আগত যেতিয়া নাজীসকলে জার্মানীত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে, তেতিয়া তেওঁলােকে ৰিমাৰ্কৰ All quit in the western front’আৰু “The road black' নামৰ কিতাপ দুখন জার্মানীত নিষিদ্ধ কৰিলে আৰু বহুত কপি জ্বলাই দিলে। যুদ্ধই কিদৰে মানৱতা ধ্বংস কৰি দিয়ে সেয়া মুকলিকৈ প্ৰকাশ কৰাৰ বাবেই চাগে নাজীসকলে তেনে পদক্ষেপ লয়। ৰিমাৰ্কৰ
নাগৰিকত্বও কাঢ়ি লােৱা হ'ল আৰু তেওঁক হত্যা কৰিবলৈও প্রচেষ্টা চলােৱা হ'ল। যাৰ বাবে তেওঁ নিজৰ দেশ এৰিবলৈ বাধ্য হ’ল আৰু আমেৰিকাৰ নাগৰিকত্ব ল'লেগৈ। তেওঁক নাপাই নাজীসকলে তেওঁৰ ভনীয়েককে মৃত্যুদণ্ড দিয়ে। শান্ত হ’ল পশ্চিম সীমান্ত যেতিয়া ইংৰাজীত অনূদিত হৈ প্রকাশ হ’ল তেতিয়া তেওঁ বিশ্ববিখ্যাত হৈ পৰিল। উপন্যাসখনৰ বিষয়ে ৰিমার্কে কৈছে যে, এইখন যুদ্ধই বিধ্বস্ত কৰা এটা প্ৰজন্মৰ কাহিনী।
উপন্যাসখনৰ মূল চৰিত্ৰ হ’ল প’ল বাউমাৰ। বাউমাৰ এজন ১৮ বছৰীয়া ল'ৰা, যিয়ে নিজৰ স্কুলৰ শিক্ষক কেনটেৰেকৰ জাতীয়তামূলক ভাষণবােৰৰ পৰা উৎসাহ পাই নিজৰ সহপাঠীৰ সৈতে প্রথম বিশ্বযুদ্ধৰ সময়ত সেনা বাহিনীত যােগদান কৰে। তেওঁলােকৰ গােটেই শ্ৰেণীটো বিভিন্ন প্লাট’নত ভাগ ভাগ হৈ পৰিল। বিশেষ প্রশিক্ষণ নথকাকৈ যেতিয়া ১৮-১৯ বছৰীয়া স্কুলৰ ছাত্ৰবােৰ যুদ্ধক্ষেত্ৰত নামি পৰিছিল, তেওঁলােক
তিলতিলকৈ মৃত্যুৰ কোলাত ঢলি পৰিছিল। উপন্যাসখনত আমি জার্মান ট্রেন্সবােৰৰ ভয়াৱহ পৰিৱেশৰ বিষয়ে ভালকৈ বুজি পাওঁ। বােকা-পানীৰে ভর্তি ট্রেন্সবােৰত মৃতদেহ পচিবলৈ আৰম্ভ কৰিছিল। কাষে কাষে বােমাই
গাঁত সৃষ্টি কৰিছিল। বিশাল বিশাল নিগনিবােৰ বিচৰণ কৰি ফুৰিছিল; সেই নিগনিবােৰে জাকপাতি আক্রমণ কৰি কুকুৰ-মেকুৰী পর্যন্ত মাৰি খাইছিল। অনবৰতে গৰজি থকা মেচিনগানৰ শব্দই ভয় লগাই থকা ট্রেন্সবােৰ আছিল এখন এখন নৰক। প’ল বাউমাৰে কয়— “আমি এতিয়া পূর্ণ যুৱক নহয়। আমি পৃথিৱীখন নিজৰ কৰি
ল’ব নােখােজোঁ। আমি নিজেই নিজৰ পৰা পলাইছোঁ, নিজৰ জীৱনৰ পৰা। আমাৰ মাত্ৰ ওঠৰ বছৰ হৈছিল আৰু আমি পৃথিৱী আৰু জীৱনক ভাল পাবলৈ শিকিছিলােহে মাত্র। কিন্তু এতিয়া আমি সেই ভালপােৱাক গুলিৰে চিৰচিৰ কৰিলোঁ।
প্রথমতে কোৱাৰ দৰেই এই উপন্যাসখনত পঢ়িবলৈ পােৱা যায়, ইংৰাজ সৈন্যসকলে জার্মান সৈন্যৰ
ওপৰত কৰা অত্যাচাৰৰ বিৱৰণ। যিটো ইংৰাজ সকলৰ দৃষ্টিভংগীৰে চালে জার্মানসকলে ইংৰাজসকলৰ ওপৰত কৰা অত্যাচাৰ হ'ব। ইংৰাজ গােলন্দাজ সৈন্যৰ সক্রিয়তাই জার্মানসকলৰ বাবে কাল হৈছিল। সকলাে সময়তে গৰজি থকা ইংৰাজ মেচিনগান আৰু বােমাবােৰে জাৰ্মানসকলক মূৰ তুলিবলৈকে সুবিধা নিদিলে। মিত্রপক্ষৰ সৈন্যৰ সংখ্যা বেছি হােৱাৰ বাবে যুদ্ধৰ শেষৰফালে জার্মানসকলৰ অৱস্থা অতি শােচনীয় হৈ পৰিছিল। গুলি
খাইনমৰিলেও সৈন্যসকল ভােকতে মৰিব লগীয়া হৈছিল। এবাৰ বাউমাৰে কেইদিনমানৰ বাবে চুটি পাই নিজৰ গাঁৱলৈ গৈছিল। গাঁওখনৰ বাহিৰখন বিশেষ একো সলনি হােৱা নাছিল, কিন্তু সলনি হৈছিল মানুহবােৰ। ৰিমার্কে লিখিছে যে বাউমাৰক গাঁওখনৰ সকলাে মানুহেই অকল যুদ্ধক্ষেত্র, বােমা, গুলিৰ কথাই সুধি আছিল, তেওঁৰ দুঃখ আৰু হতাশা কোনেও উপলব্ধি কৰা নাছিল। তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা দূৰৈৰ নিজৰ গাঁওখনলৈ গৈও শান্তিত থাকিব নােৱাৰিলে। তেওঁৰ এনে ভাব হ’ল যেন সি গাঁওখনৰ নিজৰ, এজন আপােন ব্যক্তি নহয়, সি যেন সকলােৰে বাবে হৈ পৰিছে এজন অচিনাকি সৈনিক মাত্র। আনকি তেওঁৰ দেউতাকেও তাক তেনে প্রশ্নবােৰ সুধি বাৰে বাৰে বিৰক্তি দি আছিল। অথচ সাধাৰণ সৈনিক
হিচাপে তেনেকুৱা বেছিভাগ প্রশ্নৰে উত্তৰ তাৰ ওচৰত নাছিল। বাউমাৰ পুনৰ যুদ্ধলৈ গ’ল। বােমা বিস্ফোৰণত বাউমাৰ আৰু তাৰ সহপাঠী এলবার্ট আঘাতপ্রাপ্ত হ’ল। এলবাৰ্টৰ ভৰি দুখন কাটি পেলােৱা হ'ল আৰু বাউমাৰ সুস্থ হৈ পৰাত তাক আকৌ যুদ্ধ ক্ষেত্ৰলৈ পঠিওৱা হ'ল। তেতিয়ালৈকে যুদ্ধখন প্রায় শেষ হৈছিল। বাউমাৰৰ বেছিসংখ্যক সহপাঠীৰেই মৃত্যু হ’ল। তেওঁৰ অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে, তেওঁ মানসিক-সন্তলনাে
হেৰুৱাই পেলাইলে। এদিন যুদ্ধ শেষ হােৱাৰ বার্তা আহিল। বার্তাটোত কেৱল লিখা আছিল—All quiet in the western front'। তেতিয়া বাউমাৰ শুই থকাৰ দৰে মাটিত উবুৰি খাই পৰি আছিল। জগাবৰ বাবে তাক যেতিয়া লুটিয়াই দিয়া হ'ল, তেতিয়া দেখা গ'ল তাৰ চকু মুখত যন্ত্রণা নাই। সি পৰম শান্তিত চিৰনিদ্রাত মগ্ন। যুদ্ধৰ অৱসান ঘটাত সি যেন পৰম শান্তি হে পাইছে।
যুদ্ধৰ বিষয়ে গভীৰভাৱে বুজি পাবলৈ সকলােৱে এইউপন্যাসখনে পঢ়িব পাৰে। প্রথম বিশ্বযুদ্ধ বিষয়ক কেইবাখনাে গ্রন্থ ওলাইছে তাৰে ভিতৰত উল্লেখনীয় এখন হ’ল আমেৰিকান লেখক আর্ণেষ্ট হেমিংৱে লিখা ‘এ ফেয়াৰৱেল টু আর্মছ। কিন্তু প্রত্যক্ষ যুদ্ধৰ কোনাে বর্ণনা গ্রন্থখনত নাই। কিন্তু এৰিক মাৰিয়া ৰিমার্কেৰ শান্ত হ’ল পশ্চিম সীমান্ত’ কিতাপখনত যুদ্ধই হ’ল মূল বিষয়। গতিকে যুদ্ধৰ প্রত্যক্ষ ভয়াবহতাৰ বিষয়ে কিতাপ জানিবলৈ হ'লে ৰিমাৰ্কৰ কিতাপখনহে বেছি উপযােগী। ২০১৯ চনত চেম মেণ্ডেচ নির্মিত ‘১৯১৭' নামৰ বিখ্যাত চিনেমাখনতাে প্রথম বিশ্বযুদ্ধৰ দুঃখলগা ঘটনা কিছুমান উপস্থাপন কৰা হৈছে। চিনেমাখনে অস্কাৰৰ Best cinematography বঁটা পাইছিল। এই চিনেমাখনে ট্রেন্সবােৰত জার্মান আৰু বৃটিছসকলৰ ভয়ংকৰ অৱস্থা, দুৰ্ভগীয়া সাধাৰণ মানুহবােৰৰ দুৰৱস্থা আদি অতি সজীৱকৈ তুলি ধৰিবলৈ সক্ষম হৈছে। চিনেমাখন চালে ভাব হয় যে প্রথম বিশ্বযুদ্ধ বিষয়ক এনেকুৱা দ্বিতীয় এখন চিনেমা হয়তাে নির্মাণ কৰা হােৱা নাই৷ চিনেমাখনত ৰিমার্কে এশ বছৰৰ আগতেইলিখা কিতাপখনত থকাৰ দৰেই প্রথম বিশ্বযুদ্ধৰ শিহৰণবােৰ প্ৰকাশ পাইছে। অসমীয়া ভাষাতাে প্রথম বিশ্বযুদ্ধৰ বিষয়ে এখন কিতাপ প্রকাশ পাইছে। দিগন্ত ওজাই লিখা উক্ত কিতাপখনৰ নাম ‘প্রথম মহাসমৰ’। এই কিতাপখনত প্রথম
বিশ্বযুদ্ধৰ বিষয়ে যথেষ্টখিনি কথাই প্রকাশ পাইছে।
আলােচিত শান্ত হ’ল পশ্চিম সীমান্ত কিতাপখন পঢ়িলে যুদ্ধৰ ভয়াবহতা অনুভৱ কৰাৰ লগতে
লগতে এইটোও বুজিব পাৰি যে, মানুহে যুদ্ধৰ নামত নিজৰেই সভ্যতাক কিমান ক্ষতি কৰি থৈছে। যুদ্ধ ঘােষণা কৰে ৰজা বা দেশৰ নেতাই, কিন্তু তাৰ কুফল ভােগ কৰে সাধাৰণ প্ৰজাই৷ লেখক এৰিক মাৰিয়া ৰিমাৰ্কৰ এই কিতাপখনে সকলাে যুদ্ধ শেষ হওক’- এই বাণী বহন কৰি আছে। যুদ্ধই কেতিয়াও শন্তিৰ জন্ম নিদিয়ে, কেৱল নতুন যুদ্ধৰহে জন্ম দিয়ে। শান্তহ’ল পশ্চিম সীমান্ত কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে অঞ্জলী চক্ৰৱৰ্তীয়ে। তেওঁ টংলা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁ ইংৰাজী, হিন্দী, বাংলা ভাষাৰ কেইবাখনাে কিতাপ অসমীয়ালৈ অনুবাদ কৰিছে।

You've reached the end of published parts.

⏰ Last updated: Apr 27, 2022 ⏰

Add this story to your Library to get notified about new parts!

শান্ত হ'ল পশ্চিম সীমান্ত': যুদ্ধৰ পটভূমিত লিখা এখন যুদ্ধবিৰােধী উপন্যাসWhere stories live. Discover now