৩১

42 6 1
                                    

- অই ভাইতি উঠ। নতুন চাইকেল পাইছ বল এতিয়া মোক অলপ আগবঢ়াই দিবি৷

- কি? ক’ত?

টোপনিৰ পৰা খপজপাই সাৰ পাই মই টোপনিৰ জালতে সুধিলো৷ উত্তৰত তাই ক’লে

- বাচ ষ্টেণ্ডত থৈ আহিবি ব’ল। বস্তু অলপ বেছি হ’ল। মই ডাঙিব নোৱাৰো৷

তাই হোষ্টেললৈ ওলাইছে৷ দুদিনৰ পাচতে ঘূৰিব যদিও তাই ওলোৱাৰ বাবে মন অলপ বেয়া লাগি আহিল৷ সেয়ে চকু মচি মচি ক’লো

- তই কি আজিয়ে হোষ্টেল যাবি!

- অ’। ক্লাচ হৈ আছে। পৰীক্ষালৈ এমাহহ আছে। তোৰ ৰিজাল্টৰ বাবেহে আহিছিলো। ব’ল না৷ অলপ সহায় কৰি দে৷

তাইক পুৱাতে না ক’বলৈ বেয়া লাগি ক’লো

- ৰ’ মই মুখখন ধুই লও৷

মুখ লৰালৰিকৈ ধুই বাইদেউক হোষ্টেললৈ লৈ যাবলৈ মায়ে দিয়া বেগবোৰ মোৰ নতুন চাইকেলত বান্ধি লৈ বাচ ষ্টেণ্ডলৈ চাইকেল এৰি দিলো। মই গৈ পোৱাৰ পাঁচ মিনিটলৈকে বাইদেউ আহি নাপালে। ইমান লেজি যে তাই। বাছ এখন গুছি গ’ল। এতিয়া পিচৰ খন ৯.৩০ত আহিব। ইয়াত ৰৈ থাকিলে মোৰ স্কুল দেৰি হৈ যাব। চাইকেলেৰে স্কুল পাবলৈ ১০মিনিটহে লগিব কিন্তু মোৰ ওলাবলৈ তো অলপ সময় লাগিব। কি কৰো এতিয়া ন’ৰলেও উপায় নাই। কিছু সময়ৰ পাচত তাই আহি উলাই মোক সুধিলে

- বাচখন অহা নাই ন’?

- নাই অহা৷ তই আহিবলৈ ৰৈ আছে৷

- মানে?

- বাচ গ’ল৷ আহিও গ’ল৷

- হাঃ। মই কি কৰো এতিয়া?

যা। মোক সমাধান দিয়াৰ ঠাইত তাইহে শান্তনা দিব লগা হ’ল মোৰ। তাইক বুজাই মেলি ৯.৩০ বাচত তুলি লৰালৰি কৈ ঘৰলৈ আহিলো। আহোতে গিৰিক চিঞৰি মোলৈ নৰ’বলৈ কৈ আহিলো। আহি লৰালৰি কৈ গাটো তিয়াই ইউনিফৰ্মজোৰ পিন্ধি যাবলৈ লওতেই মায়ে ভাতৰ কাঁহিলৈ সন্মুখত থিয় হ’ল। মই জোঁতা পিন্ধি থাকোতে তেখেতে নিজেই ভাত খোৱাই দিলে মোক। মই সেই সময়তে যি পালো খাই ঘড়ীলৈ চালো। ৯.৫৫। মই লৰালৰিকৈ চাইকেল এৰি দিলো স্কুলৰ উদ্দেশ্যে।

ঘৰৰ পৰা কিছু দূৰ আহি এটি সৰু তিলাৰ নামনিত,এখন সৰু নৈৰ কাষত আমাৰ স্কুল। স্কুল গেটৰ প্ৰায় সন্মুখত এজোপা বগৰীৰ গছ। দেৰি হোৱাৰ বাবে মই ফুল স্পিদত চাইকেল চলাব লগা হৈছে। যেতিয়া মই তিলাটোত উঠিছো তেতিয়া স্কুলৰ পৰা প্ৰাৰ্থনাৰ বেল শুনা পালো। তাকে শুনি মোৰ স্পিড আৰু বাঢ়ি গ’ল। তিলাৰ পৰা নামনিলৈ চাইকেল শুৰ-শুৰাই নামিবলৈ ধৰিলে। এনেতে গেটৰ মুখৰ বগৰীজোপাৰ তলত বগৰী বিচাৰি থকা এগৰাকীক দেখা পালো। তেতিয়া ব্ৰেক মাৰিবলৈও মোৰ দেৰি হৈ গৈছে। মোৰ নতুন চাইকেলে তেখেতক এটা খুন্দা মাৰিহে ৰ’লগৈ। চাইকেলৰ খোণ্ডাত তাই প্ৰায় চিতিকি পৰিলে। মনতে ভাবিলো আজি মোৰ দিনেই বেয়া। ৰাতিপুৱা বাইদেউ বান্দৰীয়ে মোৰ দিনটো খাই থৈ গ’ল। এতিয়া সেয়ে মই পূৰ্ণহতীয়া খাব লাগিব। তাকো ছোৱালীৰ পৰা। নতুন চাইকেল পাই চৰ খালে মোৰ নাকটো ভাস্কৰহঁতৰ আগত কেনেকৈ উলিয়াম। তাকে ভাবি গুনি মই চাইকেলৰ পৰা ওফৰি পৰা ঠাইতে বহী ৰ’লো। উঠি গৈ ছোৱালীজনীক তোলি ধৰাৰ সাহসো মোৰ নাইকিয়া হৈ গ’ল। একো হাৰ-সুৰ নুশুনি অলপ পাচত মোৰ চিন্তাই অন্য গতি ল’লে। ছোৱালীজনীয়ে বেছিকৈ দূখ পালে নেকি! সেয়ে মানৱতাৰ খাতিৰত চৰ খালেও খাম কিন্তু ছোৱালীজনীক থিয় হোৱাত সহায় কৰি দিও বুলি তাই পৰা ঠাইলৈ আগবাঢ়ি গ’লো। কিন্তু কি আচৰিত তাই নাই। ইফালে সিফালে চাই দেখিলো লগৰবোৰ প্ৰাৰ্থনাৰ বাবে লাইনত থিয় হৈছে। সেই লাইনৰ ফাললৈ এইমাত্ৰ গেটেৰে হৈ এজনী ছোৱালী সোমাই গৈছে। কিছু সময়ৰ পাচত তাই সকলোৰে মাজত মিলি নেদেখা হ’ল। কি অদ্ভোত! কোন আছিল! কি পিন্ধি আছিল বাৰু! আমাৰ ইউনিফৰ্ম নহয়। ক’ৰ ছোৱালী! আমাৰ স্কুললৈ কিয় সোমাই আহিল। আগতে দেখা মনত নপৰে। পিছে মই ছোৱালী কমেহে চাও। ভিষণ লাজ লাগে। চেহেৰা কাৰোৰে নাচাও বাবে সকলোকে প্ৰায় একে লাগে। সেইবোৰ চিন্তা কৰি কৰি চাইকেল ষ্টেণ্ড পালো। তাতে চাইকেল থৈ মই গিৰিৰ পাচফালে প্ৰাৰ্থনাৰ বাবে লাইনত সোমালো।

Do you like it? If yes then vote for it. Make a comment. Share it too.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now