64 5 1
                                    

-Sir, আপোনাক এনেকৈ লগ পাম বুলি ভবা নাছিলো। আপোনাক জীৱন্তে দেখা পাই মই কিমান সুখী হৈছো কথাৰে বুজাব নোৱোৰো।

মই মিচিকিয়া হাঁহিৰে কুঁৱলীৰ ভায়েকৰ কথাৰ প্ৰতি উত্তৰত কলো

-জীৱন্তে নেদেখি কেনেকে দেখিম ভাবিছিলা ? আৰু এটা কথা মোক তুমি Sir মাতিব নালাগে। অন্য কিবা মাতিবা কিন্তু Sir নামাতিবা।

-Ok, অভয়দা মাতিম।

-Ok, তোমাৰ নাম সুধাই নাই।

-কল্লোল কৌষ্ঠৱ বৰগোঁহাঞি।

-Wow, what a nice name. Actually unique name. Like your name. Anyway কি কৰি আছা তুমি।

-Veterinary 5th Sem.

-Ok, তোমাৰ বয়স ২১!

-২২

-বিজেন শ্যামক চিনী পোৱানে ?

-পাও। চাৰে আমাৰ দুটা ক্লাচ পাই।

ইতিমধ্যে আমাৰ খোৱা শেষ হৈছিল। কল্লোলে মোক তাৰ ৰুমলৈ লৈ গল। তাতে সি মোক তাৰ বিভিন্ন কথা কোৱাৰ লগতে মোৰ প্ৰগ্ৰেম মনৰ কথা মুখলৈক সি কিমান ভাল পাই কলে। এনেতে কুঁৱলীয়েও আহি আমাক সংগ দিলেহি।

-অভয় দা মোৰ পৰীক্ষাৰ বাবে আপোনাৰ প্ৰগ্ৰেম মনৰ কথা মুখলৈৰ দুই-তিনিটামান এপিচৰ্ড মিচ গৈছিল। Single Mother অভিনীতাৰ কাহানীটো কেনেকৈ আৰম্ভ হল মই নুশুনিলো। জনাবনি!

বায়েক – ভায়েক দুয়োৰে জিজ্ঞাসা দেখি মই গোটাই ঘটনাটো সুন্দৰ বিৱৰণ এটা দিয়াৰ কথা ভাবিলো।

-আমাৰ প্ৰগ্ৰেম মনৰ কথা মুখলৈ আৰম্ভ কৰাৰ কিছুদিনৰ পাছত মোলৈ এখন চিঠি আহিছিল।

চিঠিখন পোৱাৰ পাছৰে পৰা সেইখন মই লগতে লৈ ফুৰিছো। কিয় জানো সেইখন কৰবাত থৈ দিবই পৰা নাই। চিঠিখন মোৰ আপুন কাৰোবাৰ যেন ভাৱ হয়। সেইতু নহয় বুলি জানিও মই চিঠিখন লগতে ৰাখিছো। সেইখন কল্লোললৈ আগবঢ়াই দিলো। সি হাত পাতি লৈ সকলোৱে শুনাকৈ পঢ়িব ধৰিলে

RJ অভয়,

পত্ৰে মোৰ ভক্তি আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব। মোৰ নাম অভিনীতা। মোৰ বয়স ১৮। কিন্তু মই এটি ৫ বছৰীয়া সন্তানৰ মাতৃ। তাৰো মোৰ দৰে পিতৃ অবিহনে জন্ম আৰু প্ৰতিপালন। আজিৰ পৰা প্ৰায় ১৯ বছৰৰ আগতে মোৰ মাৰ এটা ভুলৰ পৰিণতি মই। আৰু প্ৰায় ৬ বছৰৰ আগত মোৰ দ্বাৰা হোৱা প্ৰায় একেধৰণৰ ভুলৰ পৰিণতি মোৰ সন্তান। তাৰ নাম দীগন্ত। মই মোৰ ভুল শুধৰাবলৈ সুবিধা নাপালো। সেয়ে মোৰ দৰে তাৰো উপাধি নাই।

Unspoken  - নোকোৱাকৈ থাকি গ'লΌπου ζουν οι ιστορίες. Ανακάλυψε τώρα