৩৫

35 5 1
                                    

মিনাক্ষীহঁতৰ গেংটো অনিতাৰ চাৰিওকাষত বহি তাইলৈ ইতিকিং ভৰা সুৰেৰে এজন এজনকৈ কৈ আছে

-ইচঃ বৰ স্মাৰ্ট দেখাইছিলে। একেবাৰে শেষ পালেহি।

-প্ৰধান চাৰৰ চামচি। বেছি কৰিলে ক্লাচৰ বাহিৰ কৰি দিম।

-অভয়ক নিজৰ সম্পতি ভাবিছিলে। গম পালি। অকলশৰিয়া কৰি দিলে।

-অভয়ে গোটেই ক্লাচত ছোৱালীবোৰৰ ভিতৰত অকল মোক মাতে। সি মোৰ। মোৰ ঠাই ল’বলৈ আহিছে চোৱা!

মিনাক্ষীয়ে কথাষাৰ কৈ সকলোলৈ চালে আৰু সকলোৱে মিলি ফিচলিঙা হাঁহি মাৰিলে। অভিজিতে অনিতাৰ সন্মুখত বহি লৈ ক’লে

-বৰ পুলিচৰ জীয়েক ওলাছিলে। গিৰিক বহিবলৈ নিদিছিল। দেখিলা অভয়ে তাইকে আউট কৰি দিলে। অভয় সদায় এইবোৰ কামৰ পৰা আঁতৰত থাকে। তাৰ দেউতাক এই গাঁৱৰ এজন সন্মানিয় ব্যক্তি। এই গাঁৱৰ প্ৰতিটো শিক্ষানুষ্ঠানলৈ তেওঁৰ বৰঙনী আছে। যদিও তেখেতে এম ই স্কুলৰ প্ৰধান তথাপি তেওঁ এই অঞ্চলৰ কলেজৰ লৈকে পতা মানুহ। তেখেতৰ পুতেকে ক’ৰবাত কাজিয়া কৰি ফুৰিছে বুলিলে কেনে হ’ব। সি নিজেও কাজিয়া নকৰে কাজিয়া কৰা মানুহো বেয়া পাই।

-বাদ দে বাদ দে। পুলিচৰ জীয়েকে কাজিয়াৰ বাদে কি জানিব। কিন্তু তাই নাযানে মই কি হয়। মই গিৰিক মৰাৰ দিনা নাছিলো বাবেহে। নহ’লে অই ছোৱালী গম পালি হয় তই। অভয় মোৰ কাষতে কোনোদিন নব’হে। তই দুদিনৰ ছোৱালী

অভিজিতৰ কথাৰ মাজত মিনাক্ষীয়ে অনিতাৰ কাষলৈ গৈ তাইৰ চুলিত ধৰি অনিতাৰ মূৰটো পিছফাললৈ টানি খঙত কথাষাৰ কৈ থাকোতে কলিতা চাৰ আহি ক্লাচত সোমালেহি। সকলো লৰালৰিকৈ নিজ নিজ ঠাইলৈ গৈ ক্লাচ শেষ কৰি চাৰ ক্লাচৰ পৰা যোৱালৈ বাত চালে। চাৰ যোৱা মাত্ৰে সকলো পুনৰ অনিতাক ঘেৰি ধৰিলে। মিনাক্ষীয়ে গিৰিক চিঞৰি মাতিলে। কিন্তু সি আজি অহা নাই। নাহিলেও মিনাক্ষীয়ে গিৰিৰ নাম লৈ কৈ গ’ল

-অই গিৰি। সি নাই অহা। আহিলে সকলোৱে কৈ দিবি। তাক নিজৰ ঠাইত বহিবলৈ। কোনে কি কৰে চাই লম।

তাই আৰু বহু কিবা কিবি কৈ থাকিল। মই অনিতলৈ দূৰৈৰ পৰা চালো। কিয় তাই অত্যাচাৰ সহ্য কৰি আছে মই বুজি নাপালো। তাই এনেকৈ সহ্য কৰিব বুলি মই ভবা নাছিলো। সিহঁতৰ অত্যাচাৰ মোৰ অসহ্য লাগি মই অনিতাৰ কাষত থিয় হ’লো। সকলো প্ৰথমে চুপ হৈ ৰ’ল। তাৰ পাচত মিনাক্ষীয়ে মোৰ সমৰ্থন পাম বুলিয়ে অনিতাক ক’বলৈ ধৰিলে

-আমাৰ ক্লাচৰ বাবে এনে ছোৱালী অযোগ্য। কিয় যে চাৰে

মিনাক্ষীৰ কথা শেষ হ’বলৈ নিদিয়াকৈ মই এখন হাতে অনিতাৰ বেগটো আৰু আনখন হাতেৰে অনিতাৰ সোঁহাতখন ধৰি তাইৰ সিহঁতৰ bulling ৰ পৰা আঁতৰাই আনি মোৰ কাষত বহুৱাই দিলো। অনিতা আচৰিত ধৰণে নিশ্চুপ হৈ বহি ৰ’ল মোৰ কাষত। মোৰ কান্দত মিনাক্ষী যথেষ্ঠ আঘাট প্ৰাপ্ত হ’ল৷ তাই ঠাইতে বহি পৰা দেখি মই বুজি পালো। অনিতাক লৈ অহাৰ পাচত সিহঁত সকলো মনে মনে নিজ নিজ ঠাইত বহিল আৰু স্কুল চুটিৰ বেল নমৰা পৰ্যন্ত অকণমানো নলৰিল।

ক্লাচ চলি থাকোতে মই বহুবাৰ অনিতালৈ চোৰ চকুৰে চালো। তাই কিন্তু কোনো অভিব্যক্তি পদৰ্শন নকৰাকৈ শেষ বেললৈকে নিঠৰ হৈ বহি ৰ’ল মোৰ কাষত। চুটিৰ পাচত ঘৰলৈ যাবলৈ লওতে অনিতাই প্ৰথমবাৰলৈ মাত দিলে

-সুকণ্ঠৰ ঘৰলৈ মোক লৈ যাব পৰিবানি?

- সুকণ্ঠৰ?

-গিৰিৰ ঘৰলৈ?

-গিৰিৰ ঘৰলৈ! কিয়?

মই পাহৰিয়েই গৈছিলো যে গিৰিৰ ভাল নাম সুকণ্ঠ গগৈ৷ তাইৰ কথাত মই আচৰিত হৈ কৰা প্ৰশ্নোত্তৰ তাই প্ৰশ্নৰেই ক’লে

-নিবানে?

মই এপলক তাইৰ চকুলৈ চাই থাকি আৰু একো সুধাৰ ধৃষ্টতা নকৰালৈ মাত্ৰ ক’লো

-ব’লা।

####ভাল পালে ভোট৷ চেয়াৰ কৰিব####

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now