৭০

20 4 1
                                    

তৃতীয় পুৰুষৰ দৃষ্টিকোণ

টোপনিত লালকাল দীগন্তক কোলাত লৈ অভিনীতা বাছ আস্থান পালেহি। তাই ভাগৰি গৈছিল সেয়ে ল’ৰাটোক কোলাতে লৈ তাই বাছ আস্থানৰ চকী এখনত বহি দিলে। কিছু সময়ৰ পাচত দীগন্ত সাৰ পালে। সি চকু মোহাৰি চাৰিওফালে চাই মাকলৈ প্ৰশ্নবোধক চাৱনিৰে চালে। অভিনীতাই তাৰ কপালত এটা চুমা আঁকি ক’লে

- আমি আমাৰ ঘৰলৈ যাও। ইয়ালৈ আৰু কেতিয়াও নাহো।

কণমানিটোৱে মাকৰ কথা কি বুজিলে সি মুখেৰে একো নকৈ মাকক সাৱটি ধৰি গালত চুমা এটা খালে। মাকৰ চকুলৈ চাই ক’লে

- মই আছো মা। আমাক কোনো নালাগে ন? আমি অকলে পাৰিম।

তাৰ কথা শুনি দৃঢ় অভিনীতাইও তাক ধৰি কান্দি দিলে।

অনন্তৰ দৃষ্টিকোণ

অভয় বৰুৱাৰ ইমান সাহস। সি মোক ইমান মানুহৰ আগত প্ৰহাৰ কৰিলে। তাক মই নেৰো। চপিং মলত কেইখন মান ফটো মাৰিছিলো। সেইকেইখন আৰু আজি ষ্টোডিঅৰ চি চি কেমেৰাৰ ফোটেজ কেইটা মই ব্যৱহাৰ কৰিলে সি গম পাই যাব। মই কোন। কথাবোৰ ভাবি আহি থাকোঁতে মোৰ বাইক আহি আৰ্য চাৰৰ ঘৰ পালেহি। মই লাহেকে নামি গৈ দৰবেল বজালো। কিছু সময়ৰ আপেক্ষাৰ পাচত চাৰে দুৱাৰ খুলি মোক দেখি আনন্দ মনেৰে মোক ভিতৰলৈ মাতিলে। তেখেতৰ এখন হাত প্লাষ্টাৰ কৰা আছে৷ কি হ’ল সুধিবলৈ সাহস নহ’ল৷ তেখেতে মোক বহিবলৈ দি নিজেও সন্মুখত বহি মোলৈ চাই সুধিলে

- অসময়ত আহিলা যে। আজি একো প্লেন নাছিল নহয় ৷

- প্লেন নাই কিন্তু

- কিন্তু কি?

- মোৰ হাতত এটা নিউজ আছে।

- তুমিও ফটোগ্ৰাফি এৰি ৰিপৰ্টিং কৰিম ভাবিছা নে কি? কি নিউজ ?
- তেনেকৈ ভবা নাই৷ কিন্তু এই বাতৰিটো মোৰ মৰমৰ এজনক বচাবলৈ৷ কি তকৈ বেছি গুৰুত্বপূৰ্ণ কাৰ ?

- আচ্ছা! কাৰ ?

- অভয় বৰুৱাৰ৷

- অভয় বৰুৱা! CNT FM ৰ

- হয় ৷

- তেখেতৰ আকৌ কি বাতৰি থাকিব পাৰে। মই জনাত তেখেত বৰ নিকা চৰিত্ৰ মানুহ। ৰিচেণ্টলি এজনী গাৰ্লফ্লেণ্ড হৈছে নহ’লে অ’ত বছৰে চিংগলেই আছিল।

- তেখেতে ঘৰতে এজনী ছোৱালী ৰাখি থৈছে। লগতে এটা ৬/৭বছৰীয়া সন্তান।

- কি কোৱা।এইটো বৰ ডাঙৰ নিউজ। প্ৰমাণ কি আছে ?

মই মোৰ ফটো আৰু চিচি টিভিৰ ফোটেজবোৰ তেখেতক দেখাই থাকোতে তেখেতৰ চকু কেইটা উজ্জ্বল হৈ গৈ থকা মই লক্ষ্য কৰিলো। তেখেতৰ সেই চাৱনিত মোৰ বুকু কঁপি উঠিল। মোৰ ভাৱ হ’ল মই ভুল কৰিলো নে কি! নীতাৰ বদনাম হ’ব দেখুন। তাকে ভাবি মই তেখেতলৈ অনুৰোধৰ সুৰত ক’লো

- চাৰ ছোৱালীজনীক কিন্তু ফকাচলৈ নানিব। তাই মোৰ ভাল বান্ধবী।

- অ’ কথা মানে সেইটো। ল’ৰা পৰি গল। ৰিপৰ্টিং শিকি গ’লা। তাইৰ সহায়ত নিউজটো পালা?

- তেনে নহয়। তাইৰ বাবেই পালো কিন্তু তাই এই বিষয়ত অজ্ঞ। মই মিডিয়া লাইনৰ বুলিও তাই নাযানে।

- মমম। কিন্তু অভয়ৰ নিউজ বনাবলৈ এইখিনিয়ে যথেষ্ট নহ’ব। অভয় বৰুৱাৰ এটা ভাল ৰেপোটেচন আছে। সেয়ে আমাক আৰু এভিডেঞ্চ লাগিব। তুমি ছোৱালীজনীক ফল কৰা। তাইক আমি নিউজৰ বাহিৰত থম কিন্তু তাইৰ পৰা অলপ ইম্ফৰ্মেচন লাগিব। বুজিছা নহয়! অভয় বৰুৱাৰ ঘৰতে তাই আছে ইত্যাদি ইত্যাদি এই ক্লিপবোৰে প্ৰমাণ দিয়া নাই। আৰু লাগিব।

- হয়। লগতে অভয় বৰুৱাই তাইক কেনেকৈ কিদৰে ইত্যাদি ইত্যাদি। নহয় নে!

- Yes.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now