৬০

22 4 1
                                    

লেঠাৰি নিচিগা কলিং বেলৰ শব্দত মই লৰা লৰিকৈ বাথৰুমৰ পৰা দুৱাৰৰ ফালে খোজ দিলো। মনতে ভাবিলো আগন্তুক কোন হ’ব পাৰে! বিজেনে এনে কৰে কিন্তু আজি তাৰ কলেজত পৰীক্ষা। সি নহয়। তেন্তে কুঁৱলী! তাইৰ কথা মনলৈ অহা মাত্ৰে মনটো নাচি উঠিল। কিন্তু তাইৰ ফ্লাইট টেক অফ কৰিলেই চোন। তেন্তে নিশ্চয় কোনোবা চেল্চ পাৰচন। সেইটো কথা মনলৈ অহা লগে লগে মনটো সেমেকি আহিল। মই দ’ৰ হ’লটোৰে বাহিৰলৈ চাই ছোৱালীৰ ভৰি এযোৰ দেখিলো। দুৱাৰ খন নুখুলাটোৱে ঠিক কৰিলো। এনেতে পুনৰ বেল বাজিবলৈ ধৰিলে। মই অস্বস্তিৰে দুৱাৰখন আধা খুলি তললৈ চাই ৰ’লো। মোৰ চকুত আৰু এযোৰ ভৰিত পৰিল। ছয়-সাত বছৰীয়া এযোৰ কণমানি ভৰি। মই সিহঁতৰ মুখলৈ নোচোৱাকৈ ক’লো

- যদি কিবা বিকিব আহিছে তেন্তে মোক নালাগে। মিচাতে মোৰ আৰু তোমালোকৰ

আগন্তকে মোৰ কথা সমাপ্ত কৰিবলৈ নিদিয়াকৈ কৈ উঠিল

- অভয় বৰুৱা৷ আপুনি অভয় বৰুৱা নহয় জানো?

তাইৰ কথা শুনি মই মূৰ তুলি তাইলৈ চালো। এইযোৰ চকু, এইটো নাক দেখা মাত্ৰে মোৰ বুকুখন চিৰিং কৰি উঠিল৷ অবিস্বাশ্য চাৱনিৰে কিছু পৰ তাইলৈ চাই থাকিলো৷এইটো হ’ব নোৱাৰে৷ মোৰ কিবা ভুল হৈছে৷ অনিতা ইমান বছৰৰ পাচত মোক বিচাৰি কিয় আহিব! অনিত ঢুকুুুৱাৰ ৭বছৰমানেই হ’ল৷ ভালদৰে তাইক নিৰিক্ষণ কৰি মই নিশ্চিত হ’লো যি এই অনিতা নহয়৷ অনিতাৰ এতিয়ালৈ বয়স ৩৭ হ’ল হয় কিন্তু সন্মুখত ৰৈ থকা ছোৱালীজনীৰ বয়স খুউব বেছি ২০ হ’ব৷ তাইৰ পিচফালৰ পৰা জোমি আগলৈ মূৰটো উলিয়াই কণিমানিটোৱে মোলৈ চুচুক চামাক কৈ চাই হাঁহি দেখুৱালে। মই তাইলৈ তেনেকৈ চাই থকাৰ বাবে তাই অস্বস্তি পাইছিল৷ তাই মোৰ চকুলৈ চাই চেলেকৈ হাঁহি এটি মাৰি ক’লে

- মই অভিনীতা৷

যাক বিচাৰি ফুৰিছো তাকে সন্মুখত দেখা পালোঁ৷ ঘটনাটোত মনলৈ বহুবোৰ কথা, চিন্তা অহা যোৱা কৰিবলৈ ধৰিলে। বিশেষকৈ মনলৈ আহিল মোৰ শ্ব’টোৰ কথা। তাই দেউতাকৰ ওচৰলৈ নগৈ মোৰ ওচৰলৈ আহিলে। ইয়াৰ অৰ্থ বাপেক-জীয়েকৰ মিলনৰ চিনৰ মই লাইভ টেলিকাষ্ট পাই যাম। TRP, Popularity ইত্যাদিৰ লাডু মনতে ফুটিবলৈ ধৰিলে। মোৰ ঘৰত যদিও অফিৰ কোনো কামকে প্ৰধান্য নিদিও তথাপি এই পৰিঘটনাটো অন্য। সেয়ে তাইক ভিতৰলৈ আমন্ত্ৰণ জনালো। ল’ৰাটোলৈ চাই ক’লো

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now