৪১

40 5 1
                                    


বিজেনৰ লগত মই অনিতাৰ পদূলিত থিয় হ'লোহি। সময় সন্ধ্যা ৭ বাজি ৩০ মিনিট। এনে আয়োজন, জকমকীয়া সাজ-সজ্জা মই ইয়াৰ আগত কেৱল টি ভিতহে দেখা পাইছিলো। আমি অলপ অপ্ৰস্তুত হ’লো। নিজেই হীনমন্যতাত ভোগিলো। এনেতে অনিতা দৌৰি আহি আমাৰ কাষত থিয় হ’ল। আমাক ভিতৰলৈ বাট দেখুৱাই নিলে। ইতিমধ্যেই আমাৰ ক্লাচৰ সকলো আহি পাইছিলেই। কেৱল মোৰ বাবে ৰৈ আছে সকলো। মই টাউনৰ পৰা আহি পাওঁতে পলম হ’ল। বাটতে চাইকেলখন পামচাৰ হৈছিল বাবে। অনিতাই আমাক কেক সজাই থোৱা এখন টেবুলৰ কাষলৈ লৈ গ’ল। আমি থিয় হোৱাৰ পাচত তাই কেকটো কাটিলে। কেক খোৱা, ঘহাঁ ইত্যাদি পৰ্ব শেষ হ’লত মই আৰু বিজেন চুক এটাৰ চকী দুখনত বহিলোহি। অনিতাইও আহি আমাৰ কাষত বহিলেহি। মই বিজেনক তাইৰ লগত চিনাকি কৰি দিলো। তাই বিজেনলৈ হেণ্ডচেক কৰিবলৈ হাতখন আগবঢ়াই ক’লে

- হেল্ল বিজেন দা। বহু দিন বহু কথা শুনি আছো। অভয়ে দিনটোত অতি কমেও দুবাৰ আপোনাৰ নাম লয়েই। ধন্যবাদ অহাৰ বাবে। আপোনাক মাতিবলৈ যাব নোৱাৰিলো কাৰণ ঘৰটো চিনি নাপাও। তথাপি মনতে আশা কৰি আছিলো আপোনাক।

বিজেনে অনিতাক হেণ্ডচেক দি ক’লে

- ধন্যবাদ মই হে ক’ব লাগে কৈছা তুমি৷

- আপুনি কিয়?

- নমতাকে অহাৰ পাচতো নেখেদাৰ বাবে আৰু ইমান বিশাল আয়োজনৰ সৈতে আমাক পৰিচয় কৰাই দিয়াৰ বাবে।

- কি যে কয় আপুনি। অভয় আপোনাৰ বিষয়ে যি কৈছিল সচাঁকৈ আপুনি তেনেকুৱা৷ কিন্তু মই জনা জন অলপ বেলেগ৷

- ধন্যবাদ। অভয়ে কৈছে যদি মই ভাল বুলিয়ে কৈছে

- অ’ তো। ভালক ভালেই ক’ব সকলোৱে। বাৰু এতিয়া কওকচোন পৰীক্ষা কেনে হ’ল আপোনাৰ

- প্ৰশ্ন কাকত ফাষ্টক্লাচ, কাকতখন দেখি স্মৃতি জাগিলে চেকণ্ডক্লাচ, কলমেৰে বাগৰি বহিত লিখাবোৰ থাৰ্ডক্লাচ। এতিয়া ৰিজাল্টেহে জানে কি কৰিব। পিছে জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল।

- ধন্যবাদ। আপুনি মানুহটো সচাঁই ৰসাল। আপোনাৰ ৰিজাল্ট কেনে হ’ব গাঁৱৰ সকলোৱে জানে। সেয়ে জেনুৱেনলি কওকচোন ইয়াৰ পাচত কি ভাবিছে। মই কোৱা কথাটো ভাবিছেনে!

- প্ৰথমে হায়াৰ চেকেণ্ডেৰিটো বিজ্ঞান শাখাত শেষ কৰি লবলৈ দিয়া। তাৰ পাচত তুমি কোৱাটো ভাবিম।

মই তাহাঁতৰ কথাৰ অৰ্থ সম্পূৰ্ণ বুজি পোৱা নাই। সিহঁতে এজনে আনজনক চিনি পাই নি! কেনেকৈ! মোৰ অনুসন্ধিত্সু মনে সিহঁতক সুধিয়ে পেলালে

- তোমালোকে ইজনে সিজনক চিনি পোৱা নি!
মোৰ প্ৰশ্নৰ উত্তৰ দুয়ো একে সুৰতে দিলে

- চিনি পাওঁ। কেনেকৈ জানিব বিচাৰা যদি এটা দীঘল কাহানী শুনিব লাগিব তুমি। শুনিবা!

সজল চাৱনিৰে অনিতাই সুধলে। মই শুনিম বুলি জনালত তাই কৈ গ’ল

- মই এই গাঁৱলৈ অহাৰ কিছু দিনৰ পাচৰ কথা। স্কুল যোগদান কৰা এক সপ্তাহমান হৈ গৈছিল কিযানি। স্কুলৰ পৰা ঘৰলৈ আহি থকা বাটত দূৰৈৰ পৰা ৰাস্তাৰ সোঁ মাজত এখন চাইকেল পৰি থকা দেখিলো। কিবা দুৰ্ঘটনা হ’ল ভাবি মোৰ চাইকেল সেইফালে কোবত চলাই দিলো। ওচৰ পাই দেখিলো কাষতে স্কুল বেগ এটাও পৰি আছে। ইফালে সিফালে চাই কাকো দেখা পোৱা নাই। অজান দুচিন্তাত বুকুখন চিৰিঙ কৰি গ’ল। চাইকেলখন আছিল লেডিছ চাইকেল। কাৰ কি হল চিন্তা কৰি কৰি ভয়তে চাৰিওফালে শুনাকৈ চিঞৰিলো

- কোন! কাৰ কি হ’ল। ক’ত আছে। চাইকেল কাৰ। কোনোবাই দুখ পাইছেনি?

নাই একো হাৰ-সুৰ নাই। মাথো গছ এজোপাৰ তলত এজোৰ জোটা দেখিলো। জোটাযোৰ ল’ৰাৰ যেন অনুমান হ’ল। তথাপিও অঘটনৰ ভয় মনৰ পৰা আঁতৰি নগ’ল। সেয়ে আকৌ চিঞৰিলো

- এই জোটাৰ গৰাকী কোন?

এনেতে গছৰ ওপৰৰ পৰা গলগলিয়া সুৰত কোনোবাই ক’লে

- মই। কি হ’ল! কি অসুবিধা?

অনিতাৰ কথাৰ মাজত বিজেনে মাত দিলে

- মই উত্তৰ দি শেষ কৰিবলৈকে নাপালো শ্ৰীমতী স্কুলৰ মেখেলা চাদৰেৰে গছৰ ওপৰ পালেহি। তাৰ পাচত নক’বি আৰু। মোক কথা ক’বলৈ সুযোগ নিদিয়াকৈ গালিৰ ওপৰত গালি দি থাকিল। উশাহ লৈছিল নে নাই সন্দেহ। কিছুপৰ গালি দিয়াৰ পাছত ক্ষান্ত হৈ সুধিলে

- কিয় এনেদৰে গছত উঠি আছা! দেখিলে দুৰ্ঘটনা যেন লাগে। দেখাজনে ভয় খাব পাৰে বুজি নোপোৱা। বাই দা বে মই অনিতা চাংমাই৷ মই এই গাঁৱত নতুন৷ তুমি?

- বিজেন। কোন ক্লাচ?

- টেন। তুমি?

- ফাইনেল দিম এইবাৰ। আমাৰ এক্সট্ৰা ক্লাচ চলি আছে।

- গছত উঠি কি কৰি আছা! এনেকৈ?

এইবাৰ অনিতাই বিজেনক ৰখাই নিজে ক’লে

- বিজেন দাই তাৰ হাতৰ কাষৰ চৰাইৰ বাঁহ এটা দেখুৱাই দিলে। বাহঁটোত সৰু পোৱালি চৰাই তিনিটা আছিল। তাৰে এটাৰ ভৰিত বগা ৰুমাল জাতিয় কাপোৰৰ টুকুৰা এটা বন্ধা আছিল। তেতিয়া মই ঘটনাটো অনুমান কৰিব পাৰিলো। সেয়ে আমাৰ প্ৰথম চিনাকি। তাৰ পাচত কেইবাদিনো লগ পাইছো বিজেন দাক। নতুন নতুন জন্তুৰ সুশ্ৰষা কৰি থকাৰ মুহূৰ্তত। সেয়ে মই তেখেতক ভিটেনেৰি পঢ়িবলৈ কৈছো।

এনেতে কোনোবাই তাইক মাতিলে। তাই আমাক খাই লবলৈ কৈ আমাৰ কাষৰ পৰা আঁতৰি গল। মই অনা উপহাৰ টো দিয়াই নহল। আমি তাইৰ মাক আৰু বায়েকক মাত দি খোৱাৰ আয়োজনৰ ফালে আগবাঢ়িলো। খোৱাৰো কিজে আয়োজন। ৰজাৰ দৰে। বুফে, গাঁৱত সেইয়াই প্ৰথম। খাবলৈ ইতস্তত কৰিলো আমি। এনেতে তাইৰ দেউতাকে আহি আমাৰ কাষত থিয় হ’ল। আমি তেখেতক মাত দিলো

- নমস্কাৰ

- নমস্কাৰ। কি নাম তোমাৰ?

- মই অভয় আৰু ই বিজেন৷

- অভয়! বানেশ্বৰে তোমাকেই অনিতাক চোৱাৰ কথা কৈছিল নহয়নে?

- হয়।

- হমম। দেউতাৰ নাম কি

- উত্পল বৰুৱা।

- মাধুৰী তোমাৰ মা!

- হয়

- মম। খাই লোৱা। মোৰ কাম এটা আছে।

তেখেতে আমাক খাবলৈ দেখুৱাই আঁতৰি গ’ল। মাৰ নামটো লওতে তেখেতক বৰ সুখি যেন নালাগিল। কথাটো বিজেনেও লক্ষ্য কৰিছিল সেয়ে তেখেত আঁতৰি যোৱাৰ মাত্ৰে সি ক’লে

- তোৰ মাৰৰ লগত কিবা শত্ৰুতা আছেনি নে কিবা অন্য আছিল?

- ধেত্! কি কি যে ভাবি থাক!

- আছেই আছে কিবা এটা। চাবি। তেখেতৰ চকু দেখিলেই বুজিব পাৰি।

প্লেটত বিভিন্ন খাদ্য লৈ লৈ সি কৈ গ’ল। এনেতে অনিতাই পুনৰ আমাক যোগদান কৰিলে। সেই চেগতে তাইলৈ বুলি অনা মোৰ উপহাৰটো তাইলৈ আগবঢ়াই দিলো। তাই সৰু ছোৱালীৰ দৰে লগে লগে উপহাৰ বন্ধা কাগজখন খুলি পেলালে। ভিতৰৰ এখন ডায়েৰি আৰু দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা কবিতা কিতাপখন তাই আলফুলে ওলিয়াই ল’লে। ডায়েৰিৰ পাতবোৰ লুটিয়াই মই নিজ হাতে লিখি অনা সেই কবিতাপুথিৰে বিহুৰ পেপাঁ কবিতাটোত চকু ফুৰাই থাকি তাই লাহেকে মোক ক’লে

- ধন্যবাদ।

ইতিমধ্যে বিজেন দূৰৰ টেবুল এখন দখল কৰি খোৱাত ব্যস্ত হৈছে। সেয়ে মই দুষ্টালিৰ চাৱনিৰে তাইৰ কাণত ক’লো

- এতিয়া বুজিলা তুমি মোৰ কোন?
 তোৰেই সপোন
 োত
 ত

তাইৰ লাজত গাল দুখন ৰঙা হৈ পৰিল। এনেতে বিজেনে মোক চিঞৰিলে

- অই ভয় ইয়ালৈ আহ। খাই ল প্ৰথমে। তাৰ পাচত

আমি লৰালৰিকৈ তাৰ কাষত বহিলোগৈ। যাতে সি আৰু অন্য একো নকয়। আমি অনিতাকো আমাৰ লগতে খাই ল’বলৈ বাধ্য কৰিলো। খোৱা শেষ কৰি আমি ঘৰলৈ বুলি ওলালো। সকলোৰে পৰা বিদায় লৈ পদূলি মুখ পাওতে অনিতাৰ দেউতাকে আমাক ৰখিবলৈ কৈ আমাৰ কাষলৈ আহিলে। কিছুপৰ তেনেদৰেই থিয় কৰাই থৈ তেখেতে আমাক ক’লে

- মোৰ ট্ৰেন্সফাৰৰ কথা নিশ্চয় শুনিচা তোমালোকে?

তেখেতৰ প্ৰশ্নোত্তৰ আমি সন্মতিৰে মূৰ দুপিয়ালো। এইবাৰ তেখেতে পুনে পুনে মোলৈ চাই ক’ল


- আশা কৰোঁ তুমি অনিতাক পঢ়াত ভালদৰেই সহায় কৰি দিবা!

- নিশ্চয়। মোৰ

মোৰ কথাত বাধা দি তেখেতে অলপ কঠিন সুৰত কৈ গ’ল

- মোৰ কথা শেষ হোৱা নাই। মই ইয়াত নাথাকিম যদিও তোমালোকৰ খবৰ নাৰাখিম তেনে নহয়। পঢ়াত সহায় কৰি দিবা। বুজিছা কেৱল পঢ়াত। তাতকৈ বেছি আপোনতা মই তোমালোকৰ ঘৰৰ পৰা বিচৰা নাই। মাক মোৰ কথা কবা। মায়ে বুজাই দিব।

তেখেতৰ এনে ব্যৱহাৰত মই থত্ মত্ খালো। মুখেৰে একো বাহিৰ নোলালে। তেখেতে এইবাৰ বিজেনলৈ চাই সুধিলে

- তুমি হেমন্ত শ্যামৰ লৰা নহয় জানো?

- হয় চাৰ

- তোমাৰ পৰীক্ষা কেনে গ’ল

- ভাল।

- হমম। ভাল হোৱাটোৱে কাম্য। তুমি গুৱাহাটী যোৱাৰ কথা আছে নহয় জানো।

- হয়। অহা সপ্তাহমানে যোৱাৰ কথা এটা চলি আছে। টকা-পইছাৰ কথা আছে যে।

- তাত তোমাৰ মাহী থাকে নহয়নে!

- থাকে। প্ৰথম তেখেতৰ ঘৰলৈকে যাম।

- ঠিক আছে। নোযোৱা লৈকে আমাৰ এইক অলপ চাই দিবা। যোৱা এতিয়া তেন্তে তোমালোক

তেখেতৰ পৰা বিদায় লৈ আমি ঘৰ মুৱা হ’লো। বাটতে বিজেনে মোক ক’লে

- ভয়, তোৰ শহুৰে তোক কেতিয়াও জোঁৱাই হবলৈ নিদিয়ে। ভাবি চিন্তি চলিবি।

Don't forget to vote, comment and share to ur frnd.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now