৫৩

28 5 1
                                    

অভয়ৰ মা মাধবীৰ দৃষ্টিকোণ

চিপাহীকেইজন লৰালৰিকৈ আমাৰ ঘৰৰ ভিতৰ সোমালে। প্ৰায় ১৮বছৰৰ পাচত ককাইদেউক মোৰ ঘৰৰ দুৱাৰত দেখি মই একেলগে আচৰ্য আৰু আনন্দিত অনুভৱ কৰিলো। কিন্তু তেখেতক দেখি মোৰ এনে লাগিল এইজন মোৰ চিনাকী মানুহজন নহয়। তেখেতৰ ব্যৱহাৰে মোক গম্ভীৰ কৰি তোলিলে। মই গহীনত সুধিলো

- কি হল ককাইদেউ। এনেকৈ হঠাৎ। বৌ অহা নাই?

- মই ডিউটিত আহিছো। বিশ্বাসঘাটকৰ ঘৰত মানুহে ফুৰিবলৈ নাহে।

- বিশ্বাসঘাটক!

মোৰ ঘৰলৈ তেখেতে জীৱনত প্ৰথম বাৰলৈ আহিছে অথচ সম্পূৰ্ণ পুলিচৰ বস্ত পৰিধান কৰি আহিছে। আহিয়ে মোক পুনৰ মিচা অপবাদ দিবলৈ ল’লে। মই নিজকে সংযত কৰি ঘৰলৈ অহা আলহী ভাবি তেখেতক বহিবলৈ ক’লো। কিন্তু তেখেতে মোক তাচিল্য কৰিবলৈ ধৰিলে

- বিশ্বাসঘাটক মাকৰ সন্তান। একে বিশ্বাসঘাটক। মোৰ ছোৱালী ক’ত?

- কি ক’ব বিচাৰিছে?

- তোমাৰ ল’ৰা ক’ত?

- আজি তাৰ পৰীক্ষা শেষ সেয়ে অলপ ওলাই গৈছে। কি হ’ল?

- স্বামী দেৱতা ক’ত?

- বজাৰলৈ গৈছে। কিন্তু কি হৈছে নকয় কিয়?

- অপহৰণ৷

- অপহৰণ? কাৰ?

- অনিতাৰ৷

- কি। হে প্ৰভু কত কেনেকৈ?

- অভিনয় নকৰিবা তুমি। তুমি অভিনয়ত ভাল মই জানো। ১৮বছৰৰ আগতো কৰিছিলা।

- কি অভিনয় কৰিলো মই? কি কথা কৈ আছে আপুনি? কি এষ্টাব্লিচ কৰিব বিচাৰিছে?

তেখেতৰ কথাত খং উঠি মই প্ৰায় চিঞৰি কৰা প্ৰশ্নৰ উত্তৰত তেখেতে মোৰ ফাললৈ চোচা লৈ আহি থাকিল। তেখেতৰ চোচাত মই পিচলৈ আহি আহি বেৰত লাগি গ’লত ৰ’ব লগা হ’ল। তেখেতে মই লৰচৰ কৰিব নোৱাৰাকৈ সন্মুখত থিয় হ’ল। এনেতে এটা চিপাহীয়ে ৰৈ ক’লে

- চাৰ ঘৰত কোনো নাই৷

তেখেতে ইংগীতেৰে চিপাহীখিনিক বাহিৰলৈ যাবলৈ ক’লে। তাৰ পাচত মোলৈ খঙত চাই সুধিলে

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now