৫৭

22 3 1
                                    

Read, it will make u happy.😊

সাৰ পাই চকুকেইটা মচি ঘড়ীটোলৈ চালো। পুৱাৰ ৮.৪০। ইফালে সিফালে চাই বুজিলো মই বাহিৰৰ ৰুমৰ চোফাখনতে টোপনি গ’লো। ইহঁত ক’ত বিচাৰ কৰোঁতে নাকত সুস্বাদু খাদ্যৰ গন্ধ লাগিলহি। মুখ মচি মচি উঠি গৈ ডাইনিংত দেখিলো কেইবাটাও হটকেচত কিবা কিবি বনাই সজাই থোৱা আছে। বিজেনক বিচাৰি ইফাল সিফাল কৰোঁতে বাথৰুমৰ পৰা পানীৰ মাত শুনিলো। সি চাগে বাথৰুমত আছে। কুঁৱলী! কুঁৱলী ক’ত। গোটেই ঘৰ চলাথ কৰিলোঁ কুঁৱলী নাই। তাই গুচি গ’ল নেকি। কথাটো মনলৈ আহিলত বুকুখন মুচৰ খাই আহিল। আকৌ এবাৰ হিয়া ভাঙিব নেকি! এনেতে বাথৰুমৰ দুৱাৰ খুল খালে। কুঁৱলী তিতি থকা চুলিৰে সৈতে  বাথৰুমৰ বাহিৰলৈ আহিল৷ মোক দেখি মোলৈ চাই মিচিকিয়াই দেখুৱালে।

সদ্য স্নাতা তাইৰ ৰূপে মোৰ দেহত বিদ্যুত প্ৰবাহিত কৰি গ’ল। মই তাইলৈ চাই ৰ’লো। তাইক মোৰ অতিতৰ কথাই বিচলিত নকৰাৰ বাবে অতিশয় আনন্দিত হ’লো৷ মোৰ অতিতৰ কাপুৰুষতাক দেখি তাই মোৰ পৰা আঁতৰি নোযোৱাৰ বাবে মনতে অফুৰন্ত সুখ অনুভৱ কৰিলো। তাই মোৰ কাষেৰে পাৰ হৈ দ্ৰেচিং আইনাৰ সন্মুখত বহিলে৷ তাইৰ তিতি থকা চুলি কচা ফনিয়াই থাকি ক’লে

-আপুনাৰ অনুমতি নোলোৱাকৈ আপোনাৰ বস্তুবোৰ চোলো দেই। ক্ষমা কৰিব। কিন্তু মই ব্যৱহাৰ কৰা সকলোবোৰ বস্তু আগৰ ঠাইতে থ’বলৈ চেষ্টা কৰিছো। তথাপিও যদি কিবা ভুল

তাইক কথা শেষ কৰিবলৈ নিদি তাইৰ ওচৰত পিছফালে থিয় হৈ আইনাখনত তাইক চাই ক’লো

-মই ভাবিছিলো মই তোমাৰ। তুমি মোৰ। ইয়াত অনুমতিৰ কি কথা! এই সকলোবোৰ তোমাৰ।

-ইচঃ এতিয়া তেনেকৈ কৈছে কিন্তু পাচত গালি দি থাকিব। বিজেনদাই কৈছে নহয়।

-কি কৈছে সি আৰু সি ক’ত আছে?

-তেওঁৰ কিবা ইমাৰ্জেঞ্চি কেচ আহিল বোলে। ফোন আহিছিল। সেয়ে ভিটেনেৰি হস্পিটেললৈ গৈছে।

-অহঃ। তাৰ শান্তি নাই। পিছে কি কৈছিল সি?

-এইয়ে যে আপোনাৰ বাবে ঘৰৰ বস্তুবোৰ কিমান মৰমৰ। প্ৰতিটো বস্তু আপুনি কেনেকৈ ৰাখে। ব্লা ব্লা

-কি প্ৰয়োজনত সি এইবোৰ বকিলে! আজি আহক সি তাৰো এটা এটা হিচাপ লম৷

- মোৰ বাবে দুয়ো কাজিয়া নকৰিব৷ এতিয়া যাওক আপুনি ফ্ৰেচ হৈ সাজু হওক

-ক’লৈ?

-এফালে যাও। চাৰপ্ৰাইজ। আপুনি গা ধুৱে মানে মই আপোনাৰ পাকঘৰত অনাধিকাৰ প্ৰবেশ কৰি আমালৈ চাহ তৈয়াৰ কৰোঁ।

মিচিকিয়াই কথাষাৰ কৈ তাই পাকঘৰৰ ফালে গুচি গ’ল। মই লৰালৰিকৈ গা ধুবলৈ সোমালো।

Please commant. Vote and share.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now