৭৪

28 5 19
                                    

Please follow me if not yet😊
Happy reading☺

কলাবোৰক ৰূপাোৱালী বৰণেৰে ঢাকি মেদবিহীন ক্ষিণকায়ৰ সুতুৰা সুতুৰ চালেৰে সৈতে মোৰ অতি মৰমৰ মানুহজনীক মোৰ সন্মুখত ইমান বছৰৰ পাচত দেখি মই আত্মহাৰা হৈ পৰিলো। তেখেতৰ চাৱনিত আগৰ উজ্জ্বলতা নাই। ধুৰস চকু এযুৰীৰে তেখেতে মোলৈ চাই আছে। মই নেদেখোতেই মাৰ ইমান পৰিবৰ্তন হৈ যাব বুলি কল্পনা কৰাই নাছিলো। যদিও বাৰ্ধক্যৰ জেংবোৰে মাৰ শৰীৰত আচুঁৰ পেলাইছে তথাপিও মোৰ চকুত মা এতিয়াও সুন্দৰ। মাক দেখি ক'ব নোৱাৰাকৈয়ে মোৰ দুনয়ন ভৰি পৰিল। মই দৌৰি বিজেনৰ পৰা মাক টানি আনি সাৱতি ধৰিলো। মাৰ গালত তিনিটামান চুমা আঁকি দিলো। মায়েও মোৰ মূৰত মৰমেৰে হাত বোলালে। গোটেই ঘটনাটোৱে মোক বাক্ ৰুদ্ধ কৰি পেলালে। মই হতবাক হৈ মাক ধৰি থাকিয়ে ঠাইতে থিয় অকৰা লাগিলো। কি কৰো নকৰো কৰি থকোতেই অভিনীতাই পাকঘৰৰ পৰা এখন ট্ৰেট পানী তিনি গিলাচ আনি এগিলাচ পানী মালৈ আগবঢ়াই দি ক'লে

-আইতা পানী এগিলাচ খাই ফ্ৰেচ হৈ লোৱা। বিজেন নিচাই ভাত তৈয়াৰ কৰি থৈছে। থৈছে ন' নিচা?

তাই কথা কৈ বিজেনলৈ প্ৰশ্নবোধক চাৱনিৰে চালে। বিজেনে উত্তৰত ক'লে

-প্ৰায় তৈয়াৰ। আপোনালোকে গা পা ধুৱে মানে হৈ যাব।

-আইতা শুনিলাতো। এতিয়া গা ধুই লোৱা। খাই লৈ অলপ শুৱ লাগিব ৰাতিটো যাত্ৰা কৰি অহা হৈছে। মা তুমিও ধুই লোৱা নে কি?

কথাষাৰ কৈ তাই কুঁৱলীলৈ চালে। মা সম্বোধনটো শুনি মই আচৰিত! কি হৈছে এইবোৰ মই বুজিবই পৰা নাই। মনলৈ ভাব আহিল কুঁৱলীয়ে এইবাৰ অভিনীতাক খং কৰিব। কিন্তু তাৰ পৰিবৰ্তে কুঁৱলীয়ে অভিনীতালৈ চাই মিচিকিয়াই ক'লে

-ঠিকে কৈছা। তিনি ৰাতি মই শুবলৈকে পোৱা নাই। বৰ ভাগৰ লাগিছে। মা বলক মই বাথৰুম দেখুৱাই দিও আৰু অভি তুমিও ধুই লোৱা। তাৰ পাচত মা আৰু মই শুই যাম। কিন্তু তুমি! শুৱলৈ পাবা জানো! দীগন্তক অলপ সময় দিব লাগিব নহয়। তিনি দিন তাক এৰি আছা?

কথা কৈ কুঁৱলীয়ে মাক মোৰ ৰুমৰ ফালে আগবঢ়াই নিলে। মায়ে অভিনীতাৰ কোলাতে দীগন্তৰ গালত এটা চুমা দি মৰম কৰি মোৰ ৰুমৰ দিশে কুঁৱলীৰ পাচে পাচে আগবাঢ়িল। অভিনীতাই দীগন্তক দুটামান চুমা দি ক'লে

-মোৰ ব্ৰেভ বয়। মাক মিচ কৰিছিলা?

-মমম। ইমান

দীগন্তই মাকৰ কোলাতে বহলকৈ হাত দুখন মেলি উত্তৰটো দি মাকক জোৰত সানি ধৰিলে। অভিনীতাই তাক বুকুৰ মাজত সোমোৱাই মূৰত এটা চুমা দি ক'লে

-আজিৰ পৰা মায়ে কেতিয়াও তোমাক অকলে থৈ নাযায়। এইবাৰ বহুত ইম্পৰ্টেণ্ট কাম আছিল যে

-মা দদ আৰু বিজেন দদ আছিল দেখুন লগত। অকলে নাই থকা নহয়। মই জানো তুমি দদৰ বিয়া পাতিবলৈ ছোৱালী বিচাৰিবলৈ গৈছিলা। মই এতিয়া সৰু হৈ থকা নাই নহয়। সকলো জানো।

-সকলো জানা! আইও! কি জানা কোৱাচোন

-তেখেত মোৰ আইতা হ'ব।

কুঁৱলীয়ে মাক লৈ গৈ থকাৰ ফালে আঙুলিয়াই দেখুৱাই দীগন্তই অভিনীতাক উত্তৰ দিলে। অভিনীতাই তাক কোলাত দাঙি নিজৰ ৰুমৰ ফালে খোজ দি থাকি সন্মতিৰে মূৰ দুপিয়ালে। তেতিয়া দীগন্তই মিচিকি হাঁহি মাৰি পুনৰ ক'লে

-ভাল। ধুনীয়া।

-আইতা পচন্দ হৈছে?

-মমম।

-আইতাৰ লগত দদৰ মা? মোৰ আজু আইতা?

কথাষাৰ কৈ দীগন্তই তাৰ মাকলৈ প্ৰশ্নবোধক চাৱনিৰে চালে। অভিনীতাই মিচিকিয়া হাঁহি ৰে উত্তৰত ক'লে

-হয়। এতিয়া সকলো ভাগৰুৱা। কিন্তু পিছত দুইজনী আইতাই তোমাৰ লগত বহুত কথা পাতিব। আজু আইতাই কালিৰে পৰা তোমাৰ কথা কি কি যে সুধি আছে। বাৰু এতিয়া কোৱাচোন এই কেইদিন তুমি কি কি কৰিলা?

-অ'! মই কি কৰিলো? দদই মোক নতুন স্কুললৈ নিলে। স্কুলখন ভাল। ইউনিফর্ম বিজেন দদৰ লগত গৈ চিলাবলৈ দিলো। চিলোৱা হ'লেই স্কুল যাম। বাকি কথাবোৰ পিছত কম। প্ৰথমে তুমি তাৱৈদদলৈ ফোন এটা কৰা। তুমি নাই বাবে তেখেতে দদকে খং কৰি আছে।

-ঠিক আছে সোণ। তুমি ইমানবোৰ কথা চিন্তা কৰিব পৰা। মোৰ গুড বই।

মাকৰ মৰমত দীগন্তই গৌৰবেৰে হাঁহি এটা মাৰি কোলাৰ পৰা নামি ৰুমৰ ভিতৰ সোমাল। মই সিহঁতৰ কথা নোশুনা হ'লো। এইবাৰহে মোৰ বিজেনৰ কাৰ্যবোৰ মনলৈ আহিল। সি সকলো জানিও নজনাৰ দৰে কেনেকৈ অভিনয় কৰি আছে। তাৰ এতিয়াই মই খবৰ লম। তাৰোপৰি ইমান সময় সি কিনো বনাইছে চাও। মাহঁতৰ ভুক লাগি আহিছে নিশ্চয়। যদি বনোৱা হোৱা নাই মই চুইগিতে কিবা অলপ ভাল অৰ্দাৰ কৰি দিও। মনতে কথাবোৰ থিৰাং কৰি পাকঘৰৰ দিশে খোজ দিলো৷

Don't forget to vote, commant & share with your friends👭👬

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now