৩৭

31 6 3
                                    

আজি তিনিদিনমান হ’ল অনিতা স্কুল অহা নাই। গিৰিও আহিব পৰা নাই। সি অহা সোমবাৰৰ পৰা আহিব পাৰিব চাগে। কালি দেওবাৰ। অনিতা আজিও নাহিল। মই আহোঁতে তাইৰ ঘৰৰ আগেদিয়ে অহা হৈছো কিন্তু গিৰিৰ ঘৰৰ পৰা যোৱাৰ পিছ দিনাৰে পৰা তাইৰ ঘৰত তলা ওলমি আছে। ক’লৈ গ’ল! মন হাঁহাকাৰ কৰি উঠে। কোনোবাই কোৱা শুনিলো তাইৰ দেউতাকৰ বুলে আকৌ ট্ৰেন্সফাৰ হ’ল। কথাষাৰে মোৰ মনত দুৰু দুৰু কঁপনি তুলি থৈ গ’ল। তাই মোক এবাৰো নোকোৱাকৈ গুচি গ’লনে। তাই এনেকৈ মোক এৰি গুচি যাব জানো! বহু প্ৰশ্নই মনতে লুকা-ভাকু খেলি থাকিল। কিন্তু তাই আজিও নাহিল।

মই ঘৰলৈ ঘূৰি যাওতেও তাইৰ ঘৰটোৰ ওলমি থকা তলাটো অকৌ চাই আহিলো। এপাক গিৰিৰ ওচৰত সোমালো কিন্তু মন ভাল নলগাত দেওবাৰে অহাৰ প্ৰতিশ্ৰুতি দি ঘৰলৈ গুচি আহিলো। ঘৰত মায়ে ভাত ঘৰম কৰি খাবলৈ দিলে কিন্তু মই খাব নোৱাৰিলো। গা ভাল লগা নাই বুলি সোনকালে শুই পৰিলো। পিচদিনা পুৱাতে গিৰিৰ ওচৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই আহিলো। দেউতাই পৰীক্ষাৰ কথা মনত পেলাই কিবা কৈছিল কিন্তু মোৰ একেবাৰে ধৰ্য হেৰাই গৈছিল। মাথো অনিতালৈ মনত পৰি আছিল। তাই আহিল নে নাই তাকে মনে সুধি আছিল। সেয়ে মই পঢ়িবলৈকে গিৰিৰ ওচৰলৈ যাও বুলি মিচা কৈ চাইকেল অনিতাৰ ঘৰৰ ফালে দৌৰাই দিলো। আজিও তাইৰ ঘৰত তলা। মন হাঁহাকাৰ কৰি উঠিল। মই গৈ গিৰি ওচৰ পালোগৈ।

মোক দেখি মোৰ কিবা এটা হোৱা বুলি সি অনুমান কৰিব পাৰিছিল। সেয়ে ,সি মোক পেঘেনিয়াই পেঘেনিয়াই সুধি থকাৰ বাবে মই অনিতালৈ কি অনুভৱ কৰোঁ, তাইক নেদেখি কেনে লাগি আছে সকলো কৈ দিলো। কথা শুনি সি বহু পৰ নিশ্চুপ হৈ বহি ৰ’ল। তাৰ পাচত বিজ্ঞৰ দৰে সি ক’লে

- তোৰ প্ৰেম হৈছে। তই অনিতাৰ প্ৰেমত পৰি গৈছ। আচলতে তাই ছোৱালীজনীয়ে তেনেকুৱা। ভালেই হ’ল তই কথাবোৰ কৈ দিলি। নহ’লে দিকদাৰেই হ’ল হয়।

- কি দিকদাৰ!

- তাইক মোৰো ভাল লাগি গৈছিল। কিন্তু তোৰ সমান নহয়। তই নোকোৱা হ’লে মই ভাবিলো হয় কিবা। এতিয়া নাভাবো।

- সচাঁ! মই

- ধেৎ! ধেমালী কৰিছো। তই জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীৰ কথা ভাবিছ। তাকে ভাবি ধেমালী কৰিলো। তই জানই সকলো ছোৱালীকে মোৰ ভাল লাগেই। অনিতাকহে প্ৰথমে বেয়া লাগিছিল কিন্তু এতিয়া ভাল লাগে।

- হমম। কিন্তু তাই যদি গুচি গ’ল! কি কৰিম মই।

- বিচাৰিম আকৌ।

- কেনেকৈ! ক’ত!

- কালিলৈ স্কুল গৈ লও। তাই নাহিলে ভাবিম। কিন্তু এটা কথা ভাল হ’ল।

- কি কথা?

- এতিয়া মোৰ ৰাষ্টা ক্লিয়াৰ।

- কি ৰাষ্টা ক্লিয়াৰ?

- অনিতা তোৰ, বাকীবোৰ মোৰ

দাঁত নিকতাই হাঁহি গিৰিয়ে ক’লে। মই মনতে কালিলৈৰ বাবে আপেক্ষা কৰি ৰ’লো। ঈশ্বৰক খাতিলো কালিলৈ যেন অনিতাক দেখা পাও। 

# Vote# Comment# Share#

Unspoken  - নোকোৱাকৈ থাকি গ'লTempat cerita menjadi hidup. Temukan sekarang