৫১

57 4 1
                                    

মই এটা গলখেকাৰি মাৰি মায়ে কোৱা কথাবোৰ মনতে জুকিয়াই চালো। অনিতাই ব্যগ্ৰতাৰে মোলৈ চাই আছে। মই মায়ে কোৱাৰ দৰে কথাবোৰ ক’বলৈ আৰম্ভ কৰিলো।

- মা আৰু তোমাৰ পেহী হায়াৰচেকণ্ডেৰি পাছ কৰি বি এ অসমীয়া বিভাগত "জয়সাগৰ কলেজ"ত যুগদান কৰাৰ দিনৰ কথা। মাহঁতে হায়াৰচেকণ্ডেৰি "শ্ৰীমন্ত  শংকৰদেৱ কলেজ"ৰ পৰা পাছ কৰিছিল। সেয়ে এই কলেজত নতুন আছিল। মাহঁতে কেৱল মেঘালী বাইদেউ মানে তোমাৰ মাকহে চিনি পাইছিল। তোমাৰ মাৰ কৃপাত প্ৰথম সপ্তাহ ভালে কুশলে ক্লাচবোৰ কৰিব পাৰিলে। কিন্তু পিছৰ সপ্তাহৰ প্ৰথম দিনাই ৰেগিঙৰ এটা টিমে পাই গৈছিল মাহঁতক। সেইদিনা তোমাৰ মা কলেজলৈ অহা নাছিল।

- ৰেগিং বাহঃ। মোৰ বৰ ভাল লাগে ৰেগিংৰ কথাবোৰ শুনি।

- মমম। দুয়ো বান্ধবী কলেজ গেটৰ ভিতৰ সোমোৱাৰ লগে লগে চিনিয়ৰ ল’ৰা-ছোৱালীকেইজনমানে মাহঁতক ঘেৰি ধৰিলে। সকলোৱে মাহঁতক এটা কোঠালৈ লৈ গ’ল। তাত আগতেই কেইজনমান চিনিয়ৰ বহি আছিল। লগতে বিপ্লৱ দেউৰীও আছিল।  সকলোৱে মাহঁতলৈকে চাই আছিল। মাঁহতে নাৰ্ভাচ কৰিছিল। সিহঁত মাজৰ এজনে তোমাৰ পেহীলৈ  চাই সুধিলে

o নাম কি!

পেহীয়ে চুচুক-চামাক কৈ উত্তৰ দিলে

o জাহ্ণবী চাংমাই।

o তাৰ পাচত কি ক’ব লাগে নাযানা? ভদ্ৰতা, সন্মান শব্দবোৰ ঘৰত শিকোৱা নাই? চাৰ কোৱা৷

প্ৰায় ধমক দি ল’ৰা এজনে পেহীক ক’লে৷ পেহীয়ে কম্পিত মাতেৰে ক’লে

o চাৰ। ক্ষমা কৰিব চাৰ।

o মমম। তোমাৰ নাম কি?

আন এজনে মালৈ চাই সুধিলে৷ বান্ধৱীক ধমক দিয়াৰ বাবে ইতিমধ্যে মাৰ খং উঠি আহিছিল৷ সেয়ে উত্তৰ দিবৰ মন নথকাৰ দৰে ক’লে

o মাধবী৷

o মাধবী! ভদ্ৰতা নাযানা?

o মাধবী গোঁহাই।

o চিনিয়ৰক কেনেকৈ ব্যৱহাৰ কৰে নাযান? শেষত কি কব লাগে?

o জুনিয়ৰক কেনেকৈ ব্যৱহাৰ কৰে নাযানে?

o আঁৰে কি পিচ এইটো। ঘৰ ক’ত?

o কিয় লাগে! মই পঢ়িবলৈ আহিছো। আপোনালোক চিনিয়ৰে সহায় কৰি, মৰম কৰি আগবঢ়াই নিব লাগে। তাৰ সলনি আমাক ভয় খোৱাই পঢ়াৰ পৰা বিমুখ কৰিবলৈ চেষ্টা কিয় কৰিছে। এজনী ছোৱালী কিমান সাধনাৰ পাচত কলেজৰ এই পৰ্যায় পাইহি আপুনি কল্পনা কৰিব পাৰে জানো?

- বাহঃ তোমাৰ মা বৰ সাহসি আছিল দেখুন।

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now