৬৯

22 4 2
                                    

Hello
Please follow me.😊

ঘৰৰ পাৰ্কিংত গাড়ী ৰখাই দেখিলো বিজেনৰ গাড়ী এতিয়াও মোৰ ঘৰৰ সন্মুখতে থিয় হৈ আছে। তাৰ ওপৰতো মোৰ খং উঠিল। সি অভিনীতাৰ বৰ বেছি সমৰ্থন কৰি আছিল। আজি সকলো হিচাব ওলাই যাব। মই খঙেৰে দুৱাৰখন খুলি ভিতৰ সোমালো। আতাইকেইটা দ্ৰইং ৰুমৰ চোফত বহি কথাত মচগুল হৈ আছে। কথাই প্ৰতি হাঁহিছে। মই লাহেকে গৈ সিহঁতৰ আগত থিয় হ’লত আতায়ে মোলৈ চালে। অভিনীতাই কোলাত শুই থকা দীগন্তৰ লাহেকে চোফাত সোৱাই দি পাকঘৰৰ দিশত উঠি গ’ল। বিজেনে মোলৈ চাই সুধিলে

-কি হ’ল! তই সোনকালে গুচি আহিলি যে? ইমান সোনকালে প্ৰগ্ৰেম শেষ হ’ল জানো? আজি দেখুন প্ৰায় এশমান পাৰ্টিচিপেট আছিল যেন মোৰ লাগিছিল৷ ভালে হ’ল দে সোনকালে শেষ হ’ল৷ আমি অহাৰ পাচত অভিনীতাৰ গানৰ প্ৰশংসা হৈছিল চাগে ন’। তাকে ক’বলৈ সোনকালে গুচি আহিলি নেকি!

সি আনন্দিত ভাবে কোৱা কথাৰ কোনো গুৰুত্ব নিদি মই তাৰ সন্মুখত বহি লৈ গহীনত সুধিলো

-এই ছোৱালীজনী কোন হয় তই কেতিয়াবা তাইক সুধিছনে?

-অনিতা আৰু তোৰ ছোৱালী। তাই প্ৰথম দিনাই ক’লে। আকৌ একেটা কথা সুধি থাকিব  লাগিছে কিয়?

-সেই কথাবোৰ তাই কোৱা আৰু এই সকলো চিন তাই বনোৱা। আচলতে
তাই কোন?

-কি হ’ল আকৌ তোৰ। কালিলৈ সকলো গম পাবিয়ে। ৰিপৰ্ট পাই যাবি।

-ৰিপৰ্টৰ কোনো প্ৰয়োজন নাই মোৰ হাতত প্ৰমান আছে। তাই এটা মুহুৰা। মোৰ ইমেজ নষ্ট কৰাৰ বাবে বিৱহৃত।

এনেতে অভিনীতা হাতত পানী গিলাচ লৈ মোৰ সন্মুখত থিয় হ’ল। পানী গিলাচ মোলৈ আগবঢ়াই দিলে। গোটেই ঘটনাই মোৰ খং আৰু বৃদ্ধি কৰি দিলে। মই তাইক খঙেৰে সুধিলো

-আৰ্যই কিমান টকা দিলে। মোক বদনাম কৰাৰ বাবদ?

-কি হৈছে তোৰ কি আবুল-তাবুল বকি আছ?

মোৰ কথাৰ উত্তৰত বিজেনে আমাৰ মাজত থিয় হৈ খঙেৰে মোক সুধিলে। মই তাক ধৰি বহুৱাই দি ক’লো

-তই অলপ ধৈৰ্য ধৰ। তাই সকলো সচাঁ আজিয়ে ক’ব।

-ভয় তই ভুল কৰিছ৷

Unspoken  - নোকোৱাকৈ থাকি গ'লDonde viven las historias. Descúbrelo ahora