১৩

48 4 1
                                    

একেবাৰে শেষত Health Drink টোৰ Advertise টো বনোৱাৰ পাচত কফি একাপ বাপনক আনিবলৈ দি মোৰ চকীখনত অলপ আৰামত বহি ল’লো। Advertise টোৰ স্কিপটোত প্ৰায় চাৰিটা সৰু লৰা-ছোৱালীৰ অভিনয় আছিল। যিকেইটা ল’ৰা-ছোৱালী Advertise টোৰ বাবে আহিছিল, বাপৰে বাপ, ইমান দুষ্ট সিহঁত। সিহঁত আটাইকেইটা কিন্তু বেচ স্মাৰ্ট। One take ok. Shooting ত সিহঁতক লৈ একো অসুবিধা হোৱা নাছিল কিন্তু সেই সময়ৰ বাদে অন্য সময়খিনি। সিহঁতে অতিস্থ কৰি দিলে। যেনে তেনে শেষ কৰি এই আহি বহি অলপ শান্তি লভিছো। সৰু আৰু দুষ্ট ল’ৰা-ছোৱালী মই সহ্য কৰিব নোৱাৰো৷ গোটেই দিনটোৰ ঘটনাবোৰ পাগুলি থাকো মানে মোৰ চাহ  আহিল আৰু চাহৰ লগে লগে অঞ্জন-অচিন্তহঁত ও আহি মোক সংগ দিলে। সেই ল’ৰা-ছোৱালীকেইটাই আমাৰ আটাইকে ভাগৰাই থৈ গ’ল। চাহ খাই শেষ কৰি আমি অফিচৰ বাহিৰ ওলালো। তেতিয়া প্ৰায় সন্ধ্যাৰ ৬.৪৫ হৈছিল। মই মোৰ গাড়িৰ কাষত ৰলোহি। অঞ্জনেও মোৰ কাষতে ৰৈ তাৰ পকেটৰ পৰা চিগাৰেটৰ পেকেটটো ওলিয়াই মোলৈ আগবঢ়াই দিলে। মই এটা ল’লো আৰু লাহেকে দুয়োতাই দুটা চিগাৰেট জ্বলাই ল’লো। সি মোৰ কান্ধত হাত দি ক’লে
- কুঁৱলীৰ নিমন্ত্ৰণ আছে নহয়?
মই চিগাৰেটৰ চাইখিনিত টুক্কৰ এটা মাৰি পেলাই তালৈ সন্মতিৰে মূৰ দুপিয়াই পুনৰ চিগাৰেটটোট হোঁহা দিলো।
- নকৰিবা।
- কি?
- মিচ।
কিছু সময় মোলৈ চাই থাকি সি পুনৰ কৈ গ’ল
- মই নাজানো, তোমাৰ কি অতীত আছে। তোমাৰ লগত মোৰ আজিলৈ কে চাগে প্ৰায় সাত বছৰৰ চিনাকী। তোমাক কিন্তু কোনো ছোৱালীৰ প্ৰতি দুৰ্বল হোৱা আজিলৈকে দেখা নাপালো। কিন্তু কুঁৱলী হয়তো এজনীয়ে। তাই কিবা যেন বেলেগ। নহয়নে!
তাৰ স্বৰ্গোক্তিৰ দৰে কথাবোৰৰ মই কেৱল শ্ৰুতা হৈ ৰ’লো।
- মই ভাবো। She is a marrage material. তোমাক সুখত ৰাখিব। তোমাৰ মনৰ দুৱাৰখনও খুলিবৰ হ’ল। তুমি গতি লৈছা কিন্তু এইটো ক্ষেত্ৰত তোমাৰ জীৱনটো ক’ৰবাত ৰৈ গৈছে। Move on.
কথাষাৰ কৈ সি মোৰ পিঠিত থপৰিয়াই দিলে৷ তাৰ কথাৰ কিনু উত্তৰ দিম ভাবি পোৱা নাছিলো। মই নিজেই এক অজান অন্তঃ-দণ্ডত ভোগি আছিলো।মই মাথো সন্মতি সুচক মূৰ লৰাই থাকি প্ৰায় ৭ মানত ঘৰলৈ বুলি গাড়ী এৰি দিলো।
ঘৰলৈ আহি ফ্ৰেচ হৈ চাহ একাপ বনাই চোফাখনত বহি টিভি টো অন কৰি দিনটোৰ কথাবোৰ মনত পেলালো। ঘড়ীটোলৈ চালো ৰাতিৰ ৮.১৫। বেছি চিন্তা কৰি নাথাকি গাড়ীৰ চাবিপাত লৈ ঘৰৰ বাহিৰ হ’লো।

********How is it? Please don't forget to vote comment and share it means a lot to me.**********

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now