৬৩

25 5 1
                                    

Thanks.
Happy reading😊

অভিনীতাই বনাই থোৱা ব্ৰেকফাষ্ট কৰি মই অফিচলৈ বুলি ঘৰৰ বাহিৰ হ’লো। গোটেই দিনটো অফিচৰ কামবোৰতো মন লবহিল মোৰ। অভিনীতাৰ নামটো কিবা কাৰণত কোনোবাই ক’লেও মোৰ জীয় কঁপি উঠে। কি যে হৈ গল। আনৰ বাবে খালটো খাণ্ডি নিজেই পৰি থাকিম বুলি ভুলটো ভবা নাছিলো। তাই মোৰ ছোৱালী হয় নে নহয় তাৰ সত্যতাটো এক সপ্তাহৰ পাচত হে ওলাব কিন্তু তাৰ আগতে কেনেবাকৈ যদি আৰ্যই পাই যায় তেন্তে। মই এটা বাতৰি হৈ পৰিম। এই এক সপ্তাহ কি কৰা যায়। অফিচত মন নবহাৰ বাবে মই অলপ সোনকালেই ঘৰলৈ ওলাই আহিলো।

প্ৰথম বাৰলৈ মোৰ নিজৰ ঘৰত যাবলৈ ভয় ভয় লাগিল। কিছু সময়ৰ দ্ৰাইভিংৰ পাচত মই যেতিয়া ঘৰ পালোহি তেতিয়া বিজেনৰ গাড়ীখন ঘৰৰ বাহিৰত দেখিলো। সি ঘৰতে আছে ভাবি মনটো অলপ ভাল লাগিল। ঘৰৰ বেল বজোৱাৰ পৰিবৰ্তে মই এক্সট্ৰা চাবি পাতেৰে ঘৰৰ দুৱাৰ খুলি ভিতৰ সোমালো।

ঘৰৰ ভিতৰত ভৰি দি য়ে মোৰ চকু কপালত উঠিল। গোটেই ঘৰ বিশৃংখল। চোফা গোটেই কেইখনত অসংযত কাপোৰৰ দম। ভৰি দি য়ে ভৰিত পানী লাগিলে। লাঠি এডালত বন্ধা সৰু লৰাৰ জাংগিয়া এটা মোৰ মৰমৰ একোৰিয়ামটোত ওলমি আছে। দেখি মোৰ খংটো উঠি আহিল। পিছলৈ যি হয় হব কিন্তু মই সিহঁতক এতিয়া সহ্য কৰিব নোৱাৰো। দুয়োকে গতিয়াই ঘৰৰ বাহিৰ কৰি দিম বুলি সিহঁতক বিচাৰিলো। কাম কৰিবলৈ চেষ্টা কৰি অপৰিষ্কাৰ কৰি থোৱা মোৰ পাকঘৰৰ মজিয়াত দুয়োকো  টোপনিত লালকাল অবস্থাত দেখা পালো। তেনেকৈ দেখি কিয় জানো মোৰ খং কেনিবা উৰা মাৰিলে। সিহঁতৰ নিষ্পাপ মুখকিখনলৈ চাই মৰম লাগি আহিল। কিয় যে ইহঁতক নিজৰ নিজৰ লাগি আহিল।

মই সিহঁতক নজগোৱাকৈ প্ৰথমে মনে মনে বিজেনক বিচাৰিলো। নাই সি কতো নাই। গাড়ীখন থৈ কৰবালৈ গল চাগে। মই লাহে লাহে এটা এটা কৰি গোটেই ঘৰ পৰিষ্কাৰ কৰি উঠি পাকঘৰ পৰিষ্কাৰ কৰাত লাগিলো। অতি সাবধানে মই পাকঘৰ পৰিষ্কাৰ কৰি উঠি সিহঁতিনো কি বনালে এবাৰ জুতি লৈ চালো। ইমান সুন্দৰ টেষ্ট মই আগতো কোনো খাদ্যতে পোৱা নাই। কব নোৱাৰাকৈ মনটো ভাল লাগি আহিল। মই এবাৰ পুনৰ সিহঁতক শুই থকা ভাবেই চাই বাথৰুমত সোমালোগৈ।
বাথৰুমৰ বাহিৰলৈ আহি দেখিলো দাইনিং টেবুল তাই বনোৱা খাদ্যৰে সজাই থৈ সিহঁত দুটাই মোলৈ অপেক্ষা কৰি আছে। মই একো মাত নমতাকৈ মোৰ নিজৰ স্থানত বহাৰ লগে লগে অভিনীতাই আমাৰ খাদ্যৰ প্লেটবোৰত খাদ্য বাঢ়ি দিলে। তাৰ পাচত মই একো নমতাকৈয়ে খাবলৈ ধৰিলো। কিছু পৰৰ পাচত মূৰ তুলি দেখিলো সিহঁত দুটাই বহু দিন খাদ্য নোখাৱা মানুহৰ দৰে খোৱাত লাগিছে। মই সিহঁতলৈ চাই ৰৈ গলো। লাহেকে অভিনীতালৈ চাই সুধিলো

-তোমালোকে দুপৰীয়া কি খালা?

-একো খোৱা নাই আপোনাৰ লগত খাবলৈ ৰৈ ৰৈ টোপনী গ’লো। ইমান দেৰি কৰিলে আপুনি।

মুখত ভৰুৱা খাদ্য চোৱাই চোৱায়ে অভিনীতাই উত্তৰ দিলে। কিছু সময়ৰ পাচত সকলোৰে খোৱা শেষ হ’ল৷ মই পাকঘৰ পৰিষ্কাৰ কৰিবলৈ ল’লো৷ তাই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ মই তাইক বাধা দি ক’লো

-আজি নালাগে। আজি সকলো চাই লোৱা। মই মোৰ বস্তুবোৰ একে ঠাইতে পৰিষ্কাৰ ভাবে থকাতো বিচাৰো। যিহেতু তোমালোক এক সপ্তাহ থাকিবা সেয়ে মোৰ ৰুল ফল কৰিলে মই সুখী হ’ম।

কামৰ মাজতে সিহঁতক ভালদৰে চাই দেখিলো যে সিহঁতে পুৱা পিন্ধি অহা কপোৰ বোৰকে পিন্ধি আছে। ইমান সময় আছে। মোলৈ খাদ্যও বনালে অথচ গা ধুই কিয় লোৱা নাই। তাকে ভাবি মই তাই সুধিলো

-তোমালোকে কাপোৰ চেঞ্জ কৰাই নাই যে

- আমি কাপোৰ অনা নাই।

এক চেকেণ্ডো বিলম্ব নকৰাকৈ অভিনীতাই উত্তৰ দিলে। তাইৰ কথাত মোৰ নিজকে অপৰাধি যেন লাগি গ’ল। যেনেকৈ হ’লেও সিহঁত মোৰ আলহী। সিহঁতৰ যত্ন লোৱাটো মোৰ কৰ্তব্য। মই পাকঘৰৰ কাম আধাতে এৰি মোৰ ৰুমলৈ আহিলো। ৱাৰদ্ৰপৰ পৰা অলপ সৰু সৰু চাই দুয়োলৈ দুজোৰ কাপোৰ হাতত তুলি ল’লো।
মই আহি কাপোৰ দুযোৰ অভিনীতালৈ দলিয়া দি গা ধুই সলাই ল’বলৈ কৈ পাকঘৰৰ আধৰুৱা কাম কৰিবলৈ সোমালো। কিন্তু পাকঘৰত ভৰি দি আচৰিত৷ পাকঘৰ সম্পূৰ্ণ পৰিষ্কাৰ৷ সকলো বস্তু আগৰ ঠাইত সুন্দৰ কৈ সজাই থোৱা আছে। পাকঘৰটো সাৰি মচি নিকা হৈ আছে। ঘূৰি আহি তাইলৈ চাই কিবা কোৱাৰ আগতেই তাই ক’লে

-আপুনি থোৱাৰ দৰে থ’বলৈ যত্ন কৰিছো। ঠিকে আছেনে?

মই মোৰ দুপিয়াই সিহঁতৰ বিপৰীতে বহি ল’লো। তাৰ পাচত সিহঁত দুয়োলৈ চাই ক’লো

-কালিলৈ মই অফিচৰ পৰা সোনকালে আহিম। তোমালোকলৈ বজাৰ কৰিবলৈ যাম। আজি গা পা ধুই মোৰ পুৰণি কাপোৰকে পিন্ধা। অলপ ডাঙৰ হ’ব। ৰাতি শুবৰ বাবে পাৰি

মোক কথা শেষ কৰিবলৈ নিদি অভিনীতাই ক’লে

-একো প্ৰবলেম নাই। পিন্ধিবলৈ ডাঙৰ হ’লেই ভাল৷ আজি বৰ ভাগৰ লাগিছে আমি কত শুম।

তাইৰ কথা শুনিহে দুয়োলৈ ভালদৰে লক্ষ্য কৰিলোঁ৷ সচাঁই দুয়ো ভাগৰত লেবেজান হৈ গৈছে৷ ইমান সময় তাকে নুবুজাৰ বাবে বেয়া লাগি আহিল৷ সেয়ে লৰালৰিকৈ ক’লো

-ব’লা মই দেখুৱাই দিও

সিহঁতক গেষ্ট ৰুম এটা দেখুৱাই শুবলৈ যোগাৰ কৰি দি মই নিজৰ ৰুম পালোহি৷ এনেতে মোৰ ফোনটো বাজি উঠিল। স্ক্ৰিণত কুঁৱলীৰ ছবিখন ভাঁহি আহিল। মনটো হাঁহাকাৰ কৰি উঠিল৷

Please don't forget to vote, commant and share with friends.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now