২৫

47 5 3
                                    

Thanks for coming inside.

লেঠাৰি নিচিগা door bell ৰ শব্দত মই খপ্ জপাই সাৰ পাই বিচনাত বহি দুই হাতেৰে চকু মুচি পৰিবেশৰ বুজ ল'বলৈ চেষ্টা কৰিলো। বেলটোৰ বিকট মাতে মোক বিৰক্ত কৰিলে। মই লৰালৰি কৈ গৈ দুৱাৰ খুলি দিলো। দুৱাৰত বিজেনক দেখি প্ৰথমে এনেদৰে বেল বজোৱাৰ বাবে খং উঠি আহিছিল কিন্তু তাক লক্ষ্য কৰিলত মই শান্ত হ'লো। তাৰ চেহেৰা তাৰ মনৰ প্ৰতিবিম্ব। চেহেৰাটো দেখি তাৰ মন বৰ ভাল নহয় বুলি বুজিব পাৰিলো। তাক ভিতৰলৈ সোমাবলৈ দি মইও তাৰ পিছে পিছে আহি তাৰ লগতে চোফাত বহিলো। ঘড়ীটোলৈ চালো দুপৰীয়াৰ ১২.৩০।

- চাহ খাবি?

- ভাত বনোৱা নাই নি?

- মই শুই আছিলো। ঘড়ী নাচালোৱে। বনামহে।

- ঠিক আছে। দে চাহ একাপকে। খাই লও।

মই মুখখন ধুই চাহ বনাবলৈ পাকঘৰত সুমালো। সি চোফাতেই চিগাৰেট এটা জ্বলাই বহি ৰ'ল। চাহ তৈয়াৰ হ'লত এখন ট্ৰেত চাহ দুকাপ তুলি প্লেট এখনত কিবা অলপ খাদ্য লৈ মই পুনৰ তাৰ ওচৰত বহিলোহি। চাহ কাপ তালৈ আগবঢ়াই দি কোমল সুৰত সুধিলো

- কি হ'ল?

- এই যে ভিটেনেৰি ডক্টৰ। তাকে পঢ়ি জীৱনটো শেষ কৰি দিলো।

চাহত চুমুক দি পুনৰ কৈ গ'ল

- কিমান আৰু! বলিয়া হ'বলৈ ধৰা জন্তুবোৰক like dog ক চাই থাকিম! আমনি লাগি গৈছে। এই জন্তুবোৰৰ Owner বোৰও ঠিক একেই। বুজিছ?

মই নাই বুজা ভাবেৰে মূৰ লৰালো

- পালিত জন্তুটোৰ দৰেই। একো বেলেগ নহয়। কুকুৰৰ গিৰিহঁত কুকুৰৰ দৰে। তোৰে ভাল দে। কমছে কম মানুহৰ লগত ডিল কৰিবলৈ পাও ত।

কিছুক্ষণৰ নিৰবতাৰ পাচত সি সুধিলে

- কুঁৱলীৰ কি খবৰ?

- ভাল।

- ভাল!

- অ'। তাই অহা সপ্তাহৰ সোমবাৰে মোৰ ইয়ালৈ অহাৰ কথা।

- সোমবাৰে!

- তই নাহিবি৷

সি মোৰ কথালৈ কাণ নিদি চুফাখনতে দীঘল দিলে। বুজিলো এতিয়া একো কৈ লাভ নাই। আচলতে তাক একো কৈ লাভ নাই। তাৰ মন যোৱাটো সি কৰিবই। এতিয়া নিশ্চয় সি অলপ শুব। সেয়ে মই তাক আমনি নকৰি চাহৰ কাপকেইটা ট্ৰেখনত তুলি পাকঘৰ সোমলো। দুপৰিয়াৰ বাবে কিবা এটা খাদ্য তৈয়াৰ কৰোঁ বুলি।


If u realy like it then please please vote, comment and share.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now