৪৭

26 4 1
                                    


অনিতাই মাটিত পৰি ৰোৱা তাইৰ কাপোৰবোৰ সামৰি তাইৰ ৰুমলৈ দৌৰ দিলে। পৰিস্থিতিটোৱে মোৰ মগজু স্তম্ভিত কৰি পেলালে। মই কিংকৰ্তব্য বিমুৰ হৈ ঠাইতে থিয় হৈ ৰ’লো। আণ্টিয়ে লাহে লাহে বাক ধৰি ধৰি সোমাই আহিল। তেখেতে মোলৈ চাই ক’লে

-অভয় আছা তুমি? গা ধুলা চাগে? গিৰি নাই নি?

এনে অসহায় পৰিস্থিতিত আণ্টিয়ে একেলগে সুধা প্ৰশ্নকেইটা মোৰ কাণেৰে মগজু পাই মই বুজি উঠিবলৈ মোৰ অলপ সময় লাগি গ’ল। বুজি পোৱা মাত্ৰে মই আগবাঢ়ি গৈ বাইদেউক ধৰি খোজ কঢ়াত সহায় কৰি দি উত্তৰ দিলো

-আমি অলপ আগতে পালোহি। আহি ঘৰটো চাফা কৰিলো। মোৰ কাপোৰ লেটেৰা হ’ল। গা ধোওতে ধুই দিলো। গিৰিয়ে ঘৰলৈ গা ধুবলৈ গৈছে।

-অ’। অনিতাই তোমাক পিন্ধিবৰ বাবে একো দিয়া নাই?

-নহয়। মানে

ঘটি যোৱা গোটেই ঘটনাটো চকুৰ আগত ভাঁহি আহিলত মোৰ ভিষণ লাজ লাগি আহিল। মই স্পষ্ট অনুভৱ কৰিব পাৰিছো যে মোৰ কাণ কেইখন ৰঙা পৰি আহিছে। মই লাজ লাজ কৈ কি কম নকম ভাবি ক’লো

-তাই গা ধুবলৈ গ’ল৷

-ঠিক আছে। তুমি বহা মই এইক শুৱাই দি তোমালৈ কিবা এটা লৈ আনো।

আণ্টিয়ে বাক বিচনাত শুৱাই দিলে। মই পুনৰ দ্ৰইং ৰুমলৈ আহিলো। এনেতে আঙ্কল আহি দ্ৰইং ৰুমত সোমাল। তেখেতে সোমায়ে প্ৰথমে মোলৈ তাৰ পাচত মোৰ অবয়বলৈ চালে। তাৰপাচত তেখেতে ৰুমটো পৰীক্ষা কৰি প্ৰায় খঙত মোৰ ফালে চোচা ল’লে। মই তৎ ধৰিবলৈ পোৱাৰ আগতেই তেখেতে মোক কোঁবাবলৈ ধৰিলে। মই বিষত চিঞৰি উঠিলো। লগে লগে আণ্টি আৰু অনিতা ৰুমলৈ সোমাই আহিল। আণ্টিয়ে মাজত সোমাই মোক বচাবলৈ যত্ন কৰিলে। অনিতাও দেউতাকৰ আগত থিয় দিলে। তাইক দেখাৰ মাত্ৰে আঙ্কোল ৰৈ দিলে কিন্তু তেখেতক দেখি স্পষ্ট অনুমান কৰিব পাৰি যে তেখেতৰ অত্যন্ত খং উঠিছে। আঙ্কল মোৰ কাষৰ পৰা আঁতৰি অলপ দূৰত থিয় হ’লত মই ৰুমটোৰ চাৰিওফালে চকু ফূৰালো। মনতে প্ৰশ্ন হ’ল- তেখেতে কিবা গম পালে নি! যদি পালে কি দেখি!

ৰুমটোৰ সোঁফালৰ কোণত অনিতাৰ অন্তঃ আৱৰণ পৰি থকা দেখি মোৰ জীয় চিৰিং কৰি উঠিল। তাৰ পাচত তাৰে অলপ দূৰত বগা টাইলচ লগা ঘৰটোৰ মজিয়াত কেই টুপালমান তেজৰ চেকুঁৰা মোৰ চকুত পৰিল। মোৰ বুজিবলৈ বাকী নৰ’ল। মনলৈ এটাই চিন্তা আহিল যে আজি মোৰ শাস্তি কিমান গম্ভীৰ হ’ব! এনেতে দুৱাৰ মুখত গিৰি থিয় হ’লহি। অনিতাই প্ৰশ্নবোধক দৃষ্টিৰে দেউতাকলৈ চাই দুৱাৰ মুখতে থিয় হৈ আছে। আণ্টিয়ে মই পোৱা আঘাটবোৰ পৰীক্ষা কৰি আছে। মোৰ মুখৰ পৰা ওলোৱা তেজখিনি দেখি তেখেতে খংত আঙ্কলক কৈছে

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now