৬১

50 4 1
                                    

Thanks for coming inside.
Happy reading😊

বিজেন সন্মুখত বহি এবাৰ মোলৈ এবাৰ অভিনীতালৈ চাই আছে। কিযে পৰীক্ষা কৰিছে সি! ১৫ মিনিট এনেই কৰি আছে। তাৰ কাৰ্যই মোক বৰকৈ বিৰক্ত কৰিলে৷ মই তাক প্ৰায় ধমক দি সুধিলো

-এনেকৈ চাইয়ে থাকিবি নে কিবা কৰিবি?

সি মোৰ কথা শুনাৰ পাচত শেষ বাৰলৈ এবাৰ আমাক ভালদৰে নিৰীক্ষণ কৰি ক’লে

-মই এশ শতাংশ নিশ্চিত যে

-যে এই ছোৱালীজনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই। নহয়নে?

মই এক্সাইটেড হৈ তাৰ কথা শেষ হোৱাৰ আগতেই কৈ দিলো। সি কিন্তু গহীন হৈ থাকিয়ে ক’লে

-এই তোৰেই ছোৱালী। তাইৰ চেহেৰাটো ভালদৰে চালেই ধৰিব পাৰি তোৰ আৰু অনিতাৰ চেহেৰাৰ সংমিশ্ৰণ।

-ধন্যবাদ। আপুনি বিজেন নিচা নহয়নে। মায়ে কৈছিল আপোনাৰ কথা। সচাঁই মায়ে কোৱাৰ দৰেই আপুনি।

উত্ফুল্লিত ভাবে বিজেনৰ কথাৰ উত্তৰ দিয়া অভিনীতালৈ মোৰ বৰ খং উঠি আহিল। মই খঙত তাইক ক’লো

-অই ছোৱালী। কোন হয় আচলতে তই। অনিতা আৰু মোৰ কথা তই কেনেকৈ জান। থিয় হ। এতিয়াই ওলা মোৰ ঘৰৰ পৰা। কোনে পঠাইছে তোক। আৰ্যই পঠাইছে? কিবা নিউজ বনাবলৈ। যদি হয় তেন্তে সি বহুত পস্তাব।

কথা কৈ কৈ মই তাইক হাতত ধৰি দুৱাৰৰ বাহিৰ কৰি দিব খোজোতেই তাই পাক মাৰি মোৰ হাতৰ পৰা মুক্ত হৈ বিজেনৰ ফালে দৌৰ দিলে। মই তাইৰ পিছে পিছে দৌৰি তাইক ঘৰৰ বাহিৰ কৰিবলৈ চেষ্টা কৰি থাকিলো। এনেতে সৰু ল’ৰাৰ কান্দোনৰ মাতে মোৰ কাণত পৰিল। সৰু ল’ৰাবোৰৰ এই কন্দাকটাবোৰে মোক অশান্তি দিয়ে৷ সেয়ে সৰু ল’ৰা ছোৱালী মই বেয়া পাওঁ৷ তাই লৰালৰিকৈ নিজৰ ল’ৰাটোক কোলাত তুলি নিচুকাবলৈ ধৰিলে। মই খঙত একে ঠাইতে ৰৈ থাকিলো। এনেতে বিজেনে বুজনিৰ সুৰত মোক ক’বলৈ ধৰিলে

-কি কৰিছ এইবোৰ? এতিয়া এইক খেদি কি হ’ব? যি কৰিলি ১৯ বছৰৰ আগতেই কৰিলি। ভয়, এটা কথা ক’ চোন। তই কেতিয়া ইমান আগবাঢ়িলি। কেনেকৈ তই এনে কাম কৰিলি। তোক মই কেতিয়াও এনে বুলি ভবা নাছিলো।

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now