৫৮

20 4 1
                                    

-এইফালে দেখুন তোমাৰ ঘৰলৈ যায়।

-অ’।

-তাত চাৰপ্ৰাইজ হ’ব লগা কি আছে? মই গম পলোৱে৷

-ব’লক। গম পাবলৈ আৰু আছে। আচল চাৰপ্ৰাইজ এতিয়াও বাকী৷

কুঁৱলীৰ ঘৰৰ দুৱাৰ তাইৰ মাকে খুলি তাইক দেখি একেলগে আচৰ্য আৰু আনন্দিত হ’ল। তাই সাবতি সুধিলে

-তই অহাৰ কথা নক’লি যে?

তাই মাকক বাহুবান্ধোনৰ পৰা মুক্ত হৈ ক’লে

-মই কালিয়েই আহিলো৷

-কালিয়ে আহি! ক’ত আছিলি?

-তোমাৰ হ’ব লগা জোঁৱাইৰ ঘৰত।

-কি

মাকৰ আচৰিত সুৰ আৰু চকুক আৰু অলপ আচৰিত কৰি কুঁৱলীয়ে মোক দেখুৱাই ক’লে

-মা এইয়া অভয় বৰুৱা। তোমাৰ হ’ব লগা জোৱাই। আমাক এনেকৈ দুৱাৰ মুখতে ধৰি থ’বা নে ভিতৰলৈ যাব দিবা?

কুঁৱলীৰ কথাবোৰে তাইৰ মাকৰ লগতে মোকো থৎ মৎ খোৱালে। ইমান আচৰিত এই ছোৱালীজনী। এনেকৈও কোনোবাই ক’ব পাৰে নে! ইয়াৰ পাচত কি হ’ব ভাবি মোৰ ভয়ত হৃদয় দুৰু দুৰু কঁপিছে কিন্তু তাই নিৰ্ভয়। একো চিন্তাই নাই। মাকে কথাবোৰ শুনি কিং কৰ্তব্য বিমোহ হৈ একে ঠাইতে ৰৈ গ’ল। এনেতে কুৱঁলীৰ দেউতাৰক গম্ভীৰ সুৰত আমি দুয়ো সম্বিত হ’লো। মাকে মুখেৰে একো নকৈ দেউতাকৰ ওচৰত বহি দিলে। পত্নীৰ এনে ৰূপে তেখেতক চিন্তিত কৰিলে। তেখতে সুধিলে

-কি হ’ল। এনেকৈ যথৰ হ’লা যে। কোন আহিছে?

দেউতাকে ঘূৰি আমালৈ চোৱাৰ আগতে কুঁৱলীয়ে ক’লে

-দেউতা আমি

তেখেতে ঘূৰি কুঁৱলীৰ লগতে মোক দেখি ক’লে

-হেল্ল য়ং মেন। কি খবৰ। তুমি যি গ’লা তাৰে পৰা খবৰেই নাই। পিছে আজি এই পুৱাতে তোমালোক লগ হ’লা ক’ত? আজি বেটীয়ে ক’ৰ পৰা আৰু কিয় অপহৰণ কৰিলে তোমাক?

-তেখেতৰ ঘৰৰ পৰা।

মই উত্তৰ দিয়াৰ আগতে কুঁৱলীয়ে কোৱা কথাত তেওঁ তাইলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল। তাই পুনৰ ক’লে

-দেউতা মই অভয় ভাল পাওঁ৷ অভয়েও মোক বেয়া নাপাই। তেখেতক তোমাৰ জোয়াই বনাব বিচাৰোঁ। তেখেতেৰো একে কথা৷ তুমি কি কবা! যদি না কোৱা তেন্তে

-তেন্তে অভয়ক এৰি দিবা?

এইবাৰ আচৰিত হোৱাৰ পাল কুঁৱলীৰ। তাই কিছুপৰ  দেউতাকালৈ চাই থাকিল৷ দেউতাকৰ কথাৰ উত্তৰ তাই লগে লগে দিব নোৱাৰি৷ কিছু পৰৰ  পাচত ক’লে

- এৰি নিদিও৷ তুমি হা কোৱালৈ বাট চাম৷

দেউতাকে কুঁৱলীৰ কথা শুনি হাঁহি আমাক দুয়োকো তেখেতৰ সন্মুখত বহিবলৈ কৈ৷ পত্নীক চাহ বনুৱাৰ কথা কৈ বাতৰি কাকতখন মেলিলৈ পঢ়িবলৈ ধৰিলে। কিছু সময়ৰ পাচত মাকে চাহ আনি টেবুলত থ’লে। কিন্তু পৰিস্থিতি নীৰৱ হৈয়ে ৰ’ল। এনেতে সম্পূৰ্ণ ইউনিফ্ৰম পিন্ধি গান গাই আহি কল্লোল আহি আমাৰ ওচৰত থিয় হৈ মোক দেখি সুধিলে

-অভয় দা আপুনি হঠাত্। কেতিয়া আহিলে?

-অলপ সময় হৈছে। তুমি কলেজলৈ ওলাইছা!
মই সহজ হ’বলৈ চেষ্টা কৰি তাক উত্তৰ দিয়া মাত্ৰে সি তাৰ বায়েকক দেখি আচৰিত হৈ সুধিলে

-তই কেতিয়া আহিলি। এনেকৈ আলহী হৈ দ্ৰইং ৰুমত বহি আছ যে কি হ’ল?

তাৰ কথাৰ আমি কিবা প্ৰত্যুত্তৰ দিয়াৰ আগতেই দেউতাকে ক’লে

-তোৰ আজি পৰীক্ষা আছে নহয়নে ? কেইবজাত।

- আছে৷ ১১ বজাৰপৰা। কিন্তু কি হৈছে এইবোৰ। কিবা হৈছেনি দেউতা?

-কি হোৱা যেন লাগিছে তোৰ?

-নাযানো।

-মইও নাযানো। কি হৈছে কুঁৱলী!
দেউতাকে কুঁৱলীলৈ চাই সুধা প্ৰশ্নৰ তাই কি উত্তৰ দিব বুজি পোৱা নাই তাই। সকলোকে আচৰিত কৰি দিব বিচৰা কুঁৱলী নিজেই নিশ্চুপ হৈ ৰ’ল। এইবাৰ দেউতাকে পুনৰ ক’লে

-তোৰ বায়েৰে সঁচাকৈ এই ঘৰৰ আলহী হ’ব বিচাৰিছে। অভয় বৰুৱাক তোৰ কেনে লাগে?

-মানে?

-ভিনিদেউ হিচাপে কেনে হ’ব?

দেউতাকৰ কথাত সি আচৰিত চাৱনিৰে এবাৰ বায়েকলৈ এবাৰ মোলৈ এবাৰ মাকলৈ শেষত পুনৰ দেউতাকলৈ প্ৰশ্নবোধক ভাবে চাই ৰ’ল। দেউতাকে মিচিকিয়াই কুঁৱলীলৈ চাই ক’লে

-আজি তাৰ পৰীক্ষা। বেছি চাচপেঞ্চ নিদিও। মাজনী তুমি লোৱাৰ দৰে বা কোৱাৰ দৰে এনেকৈ এই সিদ্ধান্ত ল’ব পৰা নাযায়। প্ৰেম বেলেগ বিয়া বেলেগ। তই মুখ মেলি থাকিব নালাগে। ভাত কেইটা খাই পৰীক্ষালৈ যা।

দেউতাকে কুঁৱলীৰ পৰা চকু কল্লোললৈ ঘূৰাই কথাখিনি কৈ পত্মীক মাতি ভিতৰলৈ সোমাই গ’ল। কুঁৱলীয়ে কন্ফিউজ চাৱনিৰে মোলৈ চাই ৰ’ল।

মইও চিন্তা কৰিয়েই থাকিলো যে দেউাতাকে yes ক’লে নে no ক’লে৷ সচাঁই কুঁৱলীয়ে বাটত কোৱাৰ দৰে "আচল চাৰপ্ৰাইজ এতিয়াও বাকী"৷

Don't forget to vote.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now