৫৪

26 4 4
                                    

😊Thanks for coming inside.😊

😍Happy reading😍

আমাৰ চাৰিওফালে যথেষ্ঠ আন্ধাৰ হৈ পৰিছিল। নৈ পাৰলৈ অহা দুই ঘণ্টা মানেই হৈছে। সেয়ে মই অনিতাক ক’লো

- ঘৰলৈ গৈ থাকো। সন্ধ্যা লাগিলে। ঘৰত খং কৰিব।

- কৰিলে কৰক। এদিনলৈ গালি খাম। এনেও তোমাক চাগে মোৰ দেউতাই লগ ধৰিবলৈকে নিদিব।

- মানে?

- দেউতাৰ গুৱাহাটীলৈ ট্ৰান্সফাৰ হৈছে। আমাকো লৈ যাব।

তাইৰ কথাত মনটো গধুৰ লাগি আহিল। মনলৈ চিন্তা আহিল অনিতা বিহীন মই কেনেকৈ জীয়াই থাকিম। মনৰ খু-দুৱনি মাৰিবলৈ ক’লো

- দেউতাই নিদিলে তুমিও মোক লগ নধৰা?

- নধৰো। তোমাক সময় দিম। সংস্থাপন ল’বলৈ আৰু মই তোমালৈ অধিৰ আগ্ৰহেৰে বাট চাম। তুমি যেতিয়া সুপ্ৰতিষ্ঠিত হ’বা তেতিয়া আহিবানে মোক খোজিবলৈ?

- যাম। কিন্তু তাৰ আগলৈকে আমি কিয় লগ কৰিব নোৱাৰিম?

- কাৰণটো তেনেই সাধাৰণ। তুমি মোক নোখোজালৈকে মই দেউতাৰ অধীন। সেয়ে মই তেখেতৰ কথা শুনিবই লাগিব। দেউতাৰ যিটো ৰূপ দেখিছো মই নিশ্চিত তেখেতে মোক তোমাৰ পৰা আঁতৰাই ৰাখিব।

তাইৰ কথাবোৰে মোৰ অস্থিৰ কৰি তোলিলে। সেয়ে মই তাইক জোৰত সাবটি ধৰি ক’লো

- তোমাক নেদেখিলে মই কেনেকৈ থাকিম?

- অহঃ। পৰিস্থিতি। সকলো পৰিস্থিতি। পাৰিবা। পাৰিবই লাগিব। অপেক্ষাৰ ফাল মিঠা। বাৰু আজিলৈ আমাৰ কথা বাদ দিয়া। এতিয়া কোৱাচোন বিপ্লৱ দেউৰী সন্ধানহীন মানে?

- সেই সময়ত অসমৰ পৰিস্থিতি বৰ বিশৃংখল আছিল। অসম আন্দোলন চলি আছিল। চাৰিওফালে অৰাজকতা। পাঠ্য-পুথি নাই, স্কুল নাই, কলেজ নাই। হত্যাকাণ্ড, বম ব্লাস্ত, ধৰ্মীয় যুঁজ, মৃত্যুৰ বিভিষিকা। “No Deletion, no election”. “তেজ দিলেও তেল নিদিও”, জয় আই অসম ইত্যাদি শ্লগানেৰে গোটেই অসম তেজময় হৈ আছিল। সেই পৰিস্থিতিত প্ৰতিঘৰৰ মানুহৰ নিজৰ সন্তানক লৈ চিন্তা। ঘৰৰ বাহিৰ হোৱাৰে পৰা ঘূৰি ঘৰ নোপোৱালৈকে। বহু ল’ৰা নোহোৱা হৈ গৈছিল। ঘৰে একো খবৰ নোপোৱা হৈ গৈছিল।

- ইয়াত পেহীৰ কি লিংক আছে?

- বিপ্লৱ দেউৰীৰ কোনো খবৰ পেহীহঁতে পোৱা নাছিল। বহুতে তেখেতৰ হত্যা হোৱা বুলি কৈছিল।

- অ’ ভগবান। তেখেত ক’ত আছিল! গুৱাহটীত বিশ্ববিদ্যালয়ত তেখেতৰ পঢ়া শেষ নাছিল জানো?

- হৈছিল। কিন্তু তেখেতক আন্দোলনৰ ভুতে পাইছিল। তেখেত থকা হোষ্টেলতো মুচলমান অধ্যুষিত ঠাইত আছিল। সেই সময়ত হিন্দু-মুছলমানৰ ধৰ্মীয় যুদ্ধ চলি আছিল। মাহঁতে শুনিবলৈ পাইছিল হোষ্টেলৰ ল’ৰাবোৰে প্ৰথম কেইবাদিনো অনাসাৰে মনে মনে পাৰ কৰিছিল। কিন্তু কিমাননো ভুকত থাকিব সেয়ে দুজন মানে সেই গাওঁৰে দুটামান মুছলমান বন্ধুৰ সহায়ত কিবা কিবা বজাৰ কৰি চাৰি দিনৰ পাছত আহাৰ গ্ৰহণ কৰিছিল। সেই যে আহাৰ বনুৱাৰ শব্দ আৰু গুন্ধৰ বাবে চাগে দন্দ কৰি ফুৰা দল এটাই সেইদিনা ৰাতি হোষ্টেলত আক্ৰমণ কৰিছিল। বিপ্লব আৰু এজনে এটা ৰুমত এটা ৰাতি লুকাই থাকিবলৈ সক্ষম হৈছিল। সেই গোটেই নিশা লগৰ বোৰৰ মৃত্যুকাটৰ আৰ্তনাদ তেখেত দুয়ো শুনি থাকিবলৈ পাইছিল। পিছদিনা পোৱা যেতিয়া তেখেত দুয়োকো পাই গৈছিল। তেতিয়া বিপ্লবৱ লগৰ জনৰ পেটত চুৰিৰে আঘাট কৰি মাটিত বাগৰাই দিছিল। তাৰ পাচত বিপ্লবৰ ওপৰত আক্ৰমণ কৰিছিল। বহু সময় অতিসজ্যা চলোৱাৰ পাচত বিপ্লৱক অৰ্ধ মৃত শৰীৰ কেইটৈমানে চোচৰাই ৰুমৰ বাহিবলৈ লৈ গৈছিল।

- অহঃ ভগবান কি ভয়াৰ্ত ঘটনা। তুমি ইমান ডিটেইলচত কেনেকৈ পালা?

- সেই যে লগৰ জন। তেখেত মৰিলে বুলি দৌলটোৱে এৰি গ’ল। কিন্তু তেখেত মৰা নাছিল এদিনৰ পাচত যেতিয়া পুলিচে খবৰ ল’বলৈ গৈছিল তেতিয়া তেখেতৰ হস্পিটেলত ভৰাই দিয়া হৈছিল। তেখেতেই পেহীক চিঠিৰ যোগে গোটেই ঘটনাতো জনাইছিল।

- মমমম। বুকুখন বিষাই গ’ল দেই। ইমান হৃদয় বিদাৰক পৰিস্থিতি আছিল তেতিয়া।

- হমমম।

- পেহীয়ে সেয়ে চাগে আত্মহত্যা কৰিলে!

- সেইতুও৷ লগতে

- কি?

-  পেহী হয়তো অন্তঃসত্তা আছিল।

- কি কোৱা?

- অ। তোমাৰ ঘৰত সকলোৱে ভাৱে যে সেই কথা কেৱল মায়েহে জানিছিল। মৃত্যুৰ দিনা মেঘালী বৌ মানে তোমাৰ মাক কৈছিল চাগে। পেহীৰ মৃত্যুৰ পাচত তেখেতে মাক কৰা প্ৰশ্নৰ বাবে মায়ে ভাবে।

আমি দুয়ো নিৰব হৈ সন্মুখৰ পানীখিনি লৈ চাই ৰ’লো। মনবোৰ গধুৰ হৈ পৰিল। কিন্তু তেতিয়াও বহুকেইটা প্ৰশ্ন মগজত ঘূৰিয়ে থাকিল। সেই গুৱাহাটীৰ মানুহজনৰ কি হ’ল! পেহী সচাঁকৈ অন্তঃসত্ত্বা আছিল নে! অনিতাৰ দেউতাকে এই বিষয়ে কিমান জানে! যদি জানে তেন্তে মাক দুখি বুলি কিয় ভাবে। সকলো সাধৰণ মানুহেই গম পাই এই ঘটনাত মা কেতিয়াও দুখি হ’ব নোৱাৰে তেন্তে আঙ্কলে কিয় মাক দুখি বুলি ভাবি আছে। মায়ে সচাঁকৈ আঙ্কলক ভাল পাইছিল নি! ইত্যাদি ইত্যাদি। এনেতে ফেফাই জোফাই বিজেন আমাৰ আগত থিয় হ’লহি। সি মোৰ গালত এটা পুৰ্ণহতিয়া চৰ লগাই দিলে৷ আঠুত ভেজা দি অলপ ৰৈ ভাগৰ পলোৱাই ৰুদ্ৰ মূৰ্তি ধৰি ক’বলৈ ধৰিলে

- ভয়। কি কৰি আছ ইয়াত! বেলি কেতিয়াবাই লহিয়ালে। দেখা নাই?

- কি হ’ল! কি হ’ল বিজেন দা। ইমান খং কিয় কৰিছে। তাক কিয় মাৰিছে?

অনিতাই মাজত সোমাই বিজনক কৰা প্ৰশ্নৰ উত্তৰত সি তাইলৈ খঙত চাই পঠিয়ালে। তাৰ পিছে পিছে আহি থকা গিৰিয়ে ফেপাই ফেপাই ক’বলৈ ধৰিলে

- ডাঙৰ গন্দগুল হৈছে অভয়। তহঁতি ঘৰত নোকোৱাকৈ কিয় আহিলি? তোৰ দেউতাক অনিতাৰ দেউতাকে তাইক কিদনেপ কৰাৰ চাৰ্জ লগাই এৰেষ্ট কৰি নিছে।

- কি কৈছ তই?

তাৰ কথা শুনি মই একে জাপে থিয় হ’লো। খঙত বিজেনে মোক আৰু এটা ঘুচা মাৰি ক’লে

- কি সুধিবলৈ আহিছ? দাইদেওৱে ইমান অপমান জীৱনত কেতিয়াও পোৱা নাছিল৷ হেণ্ডকাফ লগাই ঘৰৰপৰা চুচৰাই লৈ গৈছে৷ চব তোৰ কাৰণে৷

বিজেন কথা শুনি অনিতালৈ নোচোৱাকৈ আৰু তাইক একো নোকোৱাকৈ মই দৌৰ দিলো থানালৈ বুলি।

Please vote commant and share.😊

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now