২৬

50 4 1
                                    


"মনৰ কথা মুখলৈ"
Episode-19

-Good Morning Guwahati মই RJ অভয়, আপোনালোকৰ প্ৰিয় অনুষ্ঠান মনৰ কথা মুখলৈ ত আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানটো কিছু ব্যতিক্ৰম। ফোনৰ যোগে বিভিন্ন জনৰ মন লোৱাৰ ঠাইত আজি আপোনালোকৰ মাজলৈ এখন পৰিচিত মুখক আমন্ত্ৰণ কৰি আনিছো। যিখন মুখৰ বিষয়ে সকলো অসম বাসীয়ে জনিবলৈ ইচ্ছুক। তেখেত এজন সত্য ব্যক্তি, স্পষ্টবাদী, দৃহ মনৰ অধিকাৰী। তেখেত কেৱল এজন ভাল সাংবাদিকেই নহয়, তেখেত এজন প্ৰেমীকও। গোপন তথ্য উদ্ধাৰ, ভ্ৰস্তাচাৰিৰ মুখা খুলি দিয়া ইত্যাদি কাৰ্যত এইজন পুৰুষ সিদ্ধহস্ত। শ্ৰুতাসকলে নিশ্চয় অনুমান কৰিব পাৰিছেই যে মই কাৰ কথা কৈ আছো। তেখেত আন কোনো নহয়। তেখেত One and Only বাতৰি ২৪*৭ ৰ সাংবাদিক আৰ্য অৰ্ণৱ শইকীয়া।

-Hello আৰ্য। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম।

-ধন্যবাদ অভয়। নমস্কাৰ শ্ৰুতা-বন্ধুসক।

-আমাৰ অনুষ্ঠানৰ নামকৰণ অনুসৰি আমাৰ শ্ৰুতাই আপোনাৰ মনৰ খবৰ জানিবলৈ ইচ্ছুক। আপোনাৰ মনৰ দুৱাৰ খুলি আমাৰ শ্ৰুতাসকলক জনাওক চোন কিছুমান কথা যি কথা কাকো কোৱা নাই।

-মোৰ গোপন কথা বহুত আছে। সেয়ে সকলোৱে কোৱাৰ দৰে লোকৰ গোপন কথা বিচাৰি পোৱাত মই সিদ্ধহস্ত। আটাইবোৰ কথা ক’বলৈ হ’লে আপোনাৰ সময় কমি যাব।

-তথাপি আমাৰ শ্ৰুতাক কিবা এটা জনাওক। যিটো কেতিয়াও তেখেতসকলে শুনা নাই।

-বৰ্তমানৰ মোৰ আটাইতকৈ ডাঙৰ গোপন কথাটো হ’ল, মোৰ বিয়া। অহা মাহত। মোৰ ভাবি পত্নীক মই যোৱা দহোটা বছৰৰ পৰা ভাল পায়ে আহিছো কিন্তু সেই কথা কোনেও নাযানে। আনকি তেখেতেও নাজানে৷

-ওৱাও। ৰুমাণ্টিক। এই ৰুমাণ্টিক মুহূৰ্তটোক ধৰি ৰাখি আহক আমি শ্ৰুতাসকলক এটি গীত শুনাই লও।

দিলিপে মিঠা মিঠা গানটো লগাই দিলে।

-আজি সচাঁই মিঠা মিঠা মন ভৰি পৰিব আৰ্যৰ কথাৰে।আচ্ছা আৰ্য আপোনাৰ ভাবি পত্নীৰ নাম আমাৰ শ্ৰুতা সকলক জনাবলৈ ভাল পাবনে!

-নিশ্চয়। চয়নিকা বৰা।

-আপুনি জনালে আপোনাৰ প্ৰেম দহ বছৰ পুৰণি

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now