৫৯

30 3 1
                                    

Hello,
Why no vote no commant?
Please don't avoid.

কুঁৱলীক এয়াৰপৰ্টত বিদায় দি মই ঘৰলৈ ঘূৰিবলৈ লওতে মোৰ ফোনটো বাজি উঠিল। স্ক্ৰীণত বিজেনৰ নাম জিলিকিলত মই ফোনটো ৰিচিভ কৰি কাণত লগাই গাড়ীৰ ভিতৰত বহি ল’লো

- ক’ত আছ?

- এয়াৰপৰ্টত৷

- তাই গ’ল গৈ নে কি?

- ওঁ৷

- তই ক’ত আছ?

- তোৰ ঘৰৰ বাৰাণ্ডাত৷

- আজি কলেজ আছেনে তোৰ?

- নাই৷ আজি বন্ধ৷ তোৰ আছেনে ডিউটি?

- আছিল৷ কিন্তু আজি অফ লওঁ বুলি ভাবিছো৷ টোপনি খতি হোৱাৰ বাবেই চাগৈ গাটো ভাল লগা নাই৷ তই অলপ ৰৈ দে৷ মই ঘৰলৈ গৈ আছোঁ৷

- ঠিক আছে৷ তাই আকৌ কেতিয়া আহিব?

- সোনকালেই অহাৰ কথা। কাৰণ মোৰ ঘৰ চাবলৈ তাইৰ ঘৰৰ মানুহ যোৱাৰ পাচতে আমাৰ বিয়াৰ দিন ল’ব৷

- কি? কেনেকৈ ঘটিল ঘটনাটো?

- তই গুচি গ’লি ৰাতিপুৱা ভাতকেইটা খাই। মোক মাত এটাই নিদিলি আজি।

- মোৰ ইমাৰজেঞ্চি আছিল অ’ ভয়৷ তাতে তই ইমান গভীৰ নিদ্ৰাত আছিলি জগাবলৈ বেয়া লিগিল৷

- বুজিছো। তই যোৱাৰ কিছু সময়ৰ পাচত তাই মোক তাইৰ ঘৰলৈ লৈ আনিলে আৰু ঘৰৰ সকলোকে আমাৰ কথা চিধা চিধি সুধি আচৰিত কৰিলে।

- কি কওঁ? সচাঁকৈ ছোৱালীজনী বৰ আচৰিত৷

- অ’৷ তাই আচৰিত, তাইৰ দেউতাক আৰু আচৰিত৷

- কি হ’ল নো?

- তাইৰ দেউতাকে  প্ৰথমে আমাক আচৰিত কৰি কথাবোৰ ঘূৰাই মেলি থাকিল৷ শেষত মান্তি হ’ল। তেখেতে আমাৰ ঘৰলৈ সোনকালেই যাব লাগিব বুলি কৈছে। মাক খবৰ দিবলৈ কৈছে৷

- ভাল খবৰ৷ আজি পাৰ্টি এটা হ’বই লাগিছিল৷

- ওঁ৷ পিছে এটা কথা৷

- কি?

-  তেওঁলোক যোৱাৰ আগত মই যাব লাগিব এবাৰ ঘৰলৈ। যাব লাগিব এবাৰ সেই গাওঁৱলৈ।

- হমমম৷ প্ৰেমে মানুহক পৰিবৰ্তন কৰিব পাৰে বুলি এনেই নকয়। প্ৰেমৰ বাবে কি কি যে কৰিব লাগে! প্ৰথম প্ৰেমে তোক গাওঁৰ বাহিৰ কৰি দিলে। তই বাইদেউৰ বিয়াটো ঘৰলৈ যোৱা নাছিলি নহয়নে?

- ওঁ৷

- দ্বীতিয় প্ৰেমে সেই গাওঁলৈ লৈ যাব তোক। বাইদেউৰ আগত কেনেকৈ ওলাবি? তাইৰ বিয়াৰ পাচত তাইক এবাৰলৈ লগ কৰিছ জানো তই? মাৰক তেনেকৈ এৰিলি৷ কেনেকৈ ফেচ কৰিবি?



Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now