৭২

25 5 2
                                    

Hello
Please follow me if not yet

আমাৰ কথাত বাধা দি বাজি বাজি ৰৈ যোৱা বিজেনৰ ফোনটো পুনৰ বাজি উঠিল। বিজেনে অস্বস্তিৰে পকেটৰ পৰা ফোনটো উলিয়ালে। সি ফোনটো চাইলেণ্ট কৰিবলৈ লৈও স্ক্ৰীণৰ নামটো দেখি ৰৈ দিলে৷ তাৰ চকু কেইটা উজ্জ্বল হৈ পৰিল। সি ৰিচিভ কৰি ক’লে

-হেল্ল গিৰি। কিবা ভাল খবৰ আছে নে কি?

লাউদ কৰি থোৱা বিজেনৰ ফোনত আমি আতায়ে গিৰিৰ মাত স্পষ্ট শুনিলো

-হেল্ল বিজেন দা শুনিছেনে? ইয়াত নেটৱৰ্ক বৰ বেয়া৷ এটা খবৰ আছিল।

-কি? কোৱা৷

-অনিতাৰ এজনী বায়েক আছিল মনত আছেনে?

মোৰ ইমান ধিৰে ধিৰে চলা কথা শুনিবলৈ শক্তি নাইকীয়া হৈ পৰিছে। মোক বৰ্তমান মাত্ৰ এটাই খবৰ লাগে যে অভিনীতা, মোৰ সন্তান ভালে আছে। সেয়ে মই সিহঁতৰ কথাৰ মাজতে সুধি দিলো

-অভিনীতা বিনীতা বাৰ ওচৰত আছে নে কি? তাই ক’ত থাকে আজিকালি?

-বিনীতা বা বাঙ্গালৰত থাকে। তাই অভিনীতাক কোনোদিনেই গ্ৰহণ নকৰিলে। অভিনীতা তাইৰ ওচৰত নাই।

তাৰ নেটৱৰ্ক বৰ ভাল নহয় চাগে কথাবোৰ লাগি লাগি আহিছে। মই মোৰ উৎকণ্ঠা লুকুৱাই সুধিলো

-তেন্তে! এতিয়াই বিনীতাৰ কথা কিয় উলিয়ালি?

-বিনীতাৰ একমাত্ৰ দেউৰেকৰ লগত অনিতা ভাল বন্ধু আছিল।

-হেল্ল কি কৈছ। আকৌ ক

-তেখেতে অভিনীতাকো বৰ মৰম কৰে। তেখেত গুৱাহাটিত থাকে। অভিনীতাৰ বৰ্তমান আপোন বুলিবলৈ মই জনাত কেৱল তেখেত।

-অভিনীতা তেখেতৰ ওচৰত আছে নে কি?

-হেল্ল অভয়। শুনিছনে?

-অ। শুনিছো। অভিনীতা তেখেতৰ লগত আছে নে কি?

-তই তেখেতক চিনি পাবিয়ে কিযানি। তেখেত চেলিব্ৰেটি হয়। তেখেতৰ নাম্বাৰটো লিখি ল’।

-ঠিক আছে। কৈ যা। অভিনীতা তেখেতৰ ওচৰত আছে নে কি?

-মই নাযানো। তই সুধি ল’বি। নেটৱৰ্ক বৰ বেয়া। সোনকালে লিখ।

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now