৪৫

30 6 1
                                    

অহা সপ্তাহৰ পৰা আমাৰ টেষ্ট আৰম্ভ। পৰীক্ষাৰ প্ৰস্তুতিৰ উপলক্ষ্য স্কুল বন্ধ দিয়া ২০ দিনমানেই হল। যোৱা কালি গিৰি বায়েকৰ ঘৰলৈ গল। ভিনিয়েক কৰবালৈ গৈছে তাক তাতে দুদিনমান থকাকৈ মাতিছে। অনিতাই তাক এখন টাৰ্গেটৰ লিষ্ট তৈয়াৰ কৰি দি পঠাইছে। যাতে আমি তিনিও সমানে আগবাঢ়ো। সেয়ে এইকেইদিন আমি গিৰিৰ ঘৰলৈ পঢ়িবলৈ যোৱা নাই। আজি আগবেলা পঢ়াৰ পাল অনিতাৰ ঘৰত।

মই ৯মান বজাত যেতিয়া অনিতাৰ ঘৰত ভৰি দিও। সিহঁতৰ ঘৰখনত সুলস্থুল লাগি আছে। কন্দা-কটা। মই পৰিস্থিতি বুজিবলৈ চাইকেলখন বাৰাণ্ডাত থৈ ভিতৰ সোমালো। আণ্টি ফোনটোৰ ওচৰতে বহি লৈ কান্দি আছে। অনিতা কাষত মাটিতে বহি কান্দি আছে। মই গৈ পোৱা কোনেও লক্ষ্য কৰাই নাই। মই গৈ অনিতাৰ কাষত বহি তাইৰ বাহুত হাত দিয়া মাত্ৰে তাই মোৰ বুকুত সোমাই কান্দিবলৈ ধৰিলে। তাইক তেনেকৈ ভাগি পৰা দেখি মোৰ ভাল লগা নাই। বুকুখন কিবা এটা বিষে খুন্দা মাৰি ধৰিছে। কি হৈছে মই ধৰিবও পৰা নাই। এনেতে ফোনটো বাজি উঠিল। আণ্টিয়ে চকু মচি মচি যেনে তেনে উচুপিন ৰাখি ফোনটো ধৰিলে। আমি একপক্ষীয়া কথাবোৰ শুনি থাকিলো

-হেল্ল!

-কেনে আছে তাই!

-সচাঁই কইছানে!

-কোন হস্পিটেলত আছে!

-তুমি কেতিয়া পালাহি!

-আমি ওলাইছো। ৰঘুক মাতিছো। গাড়ী চলাবলৈ।

-অ। অহা সপ্তাহৰ পৰা।

-তাই অকলে কাৰ লগত থাকিব।

-লগৰ ছোৱালী কাক কম!

-ঠিক আছে মই কিবা এটা ব্যৱস্থা কৰিম বাৰু।

-অ হব সোনকালেই ওলাম। মই অকলে যাম। তাইক নিনিও।

ফোনটো থৈ আণ্টিয়ে মোলৈ চাই সুধিলে

-তোমাৰ বা কত!

-তাই হোষ্টেলত।

-অ! অনিতাৰ বায়েকৰ কিবা এক্সিডেণ্ট হৈছে বুলে টাউনত। দেউতাকো আহি আছে কিন্তু পোৱাহি নাই। মোক সোনকালেই যাবলৈ কৈছে। তাইক সঞ্জীৱণিৰ আই. চি. ইউ. ত আছে। ডক্টৰে দেউতাক জনোৱা মতে তাই বৰ্তমান ৰিকভাৰি হৈছে। তথাপি ঘৰৰ মানুহ লাগে কাষত। তোমালোকৰ অহা সপ্তাহৰ পৰা পৰীক্ষা বাবে আঙ্কলে অনিতাক নিবলৈ মানা কৰিছে। গিৰি কত!

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now