২১

48 5 2
                                    


চাহ আৰু কালাকান জাতীয় মিঠাইবিধ লগতে বিকাজিৰ চানা পেকেটটো দেখি লিপিকাই ক’লে

-আজিহে বাপনে জানিছে।

-সিও অভয়ৰ মনৰ বাটৰি পাইছে চাগে। পিছে বিলত মই কণ্ট্ৰি কৰিবলৈ নাই দেই। অভয় তই ইমানবোৰ ভাল খবৰ গোটাইছ। তই বিল দিবি।
ধেমেলিয়া সুৰত কোৱা অচিন্তৰ কথাত মই মাত মতাৰ আগতেই অঞ্জনে ক’লে

-মই দিম বিল। অভয়ৰ নতুন জীৱনলৈ মোৰ উপহাৰ।

-যদি সেইটো হয় তেন্তে মইও কণ্ট্ৰি কৰিম কিন্তু। নল’লে বেয়া পাম। চানাটোৰ পইচা মই দিম। কাৰণ বাছি যোৱা খিনি মইহে খাম।

জিভাখনত কামোঁৰি মিচিকিয়া হাঁহি মাৰি লিপিকাই অঞ্জনক ক’লে। কোঁৱলীৰ বিভিন্ন কথা আলোচনা কৰি থাকোতেই আমাৰ চাহ খোৱা শেষ হ’ল। লাহেকে অঞ্জনে টি ভিটো লগাই দিলে। সকলোৰে চকু টি ভি লৈ গ’ল

TV Host –প্ৰখ্যাত অভিনেতা প্ৰশান্তৰ অশ্লীল ভিডিঅ’ আমাৰ চেনেলত সম্প্ৰচাৰ হোৱাৰ পাচতে তেখেতৰ আৰু বহুতো গোপন সংবাদ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তেখেতৰ বলী হোৱা বহুতো নিৰ্জাতীতাই এতিয়া আমাৰ চেনেলৰ আগত মুখ খুলিছে। বেছি সংখ্যক পৰিচালকেই এতিয়া প্ৰশান্তৰ লগত কাম কৰিবলৈ অসন্মত হৈছে। পৰ্দাত দেখা যিজন ব্যক্তিক যুৱ প্ৰজন্মই অনুসৰণ কৰে সেইজন ব্যক্তিৰ এনে অশ্লীলতাক সমাজে সহজে ল’ব পৰা নাই। ইতিমধ্যে তেখেতৰ গাড়ী, ঘৰ সকলোতে জনতাৰ আক্ৰমণ আৰম্ভ হৈছে। বহু ঠাইত তেখেতৰ প্ৰতিকৃতি দাহ কৰা হৈছে।

TV স্ক্ৰীণত বিভিন্ন ফোটেজ দেখা দিলে। প্ৰশান্তৰ প্ৰতিকৃতি দাহৰ।প্ৰশান্তৰ উপস্থিতিতে তাৰ গাড়ীত আক্ৰমণৰ। তাৰ ঘৰৰ চাৰিওফালে জনতাৰ ভিৰ কৰা।

সেইবোৰ দেখি অঞ্জনে TVটো বন্ধ কৰি দিলে। গহীন পৰিবেশটোত লাহেকে দিপকে মাত দিলে

-কিনো নহ’ব লগিয়া ঘটনা এটা হ’ল। সকলোতে একেটাই বাতৰি। নিজৰ পপোলাৰটিৰ বাবে উঠি অহা এটা প্ৰতিভাক শেষ কৰি দিলে আৰ্যই।

-সি এটা হাইনা।

- হাইনা?

দিলিপৰ কৌতুকত লিপিকাই প্ৰশ্ন কৰিলে৷

- নহয় জানো? লোকে সজাই থোৱা বিচাৰি ফুৰে আৰু আক্ৰমণ কৰো কৰো কৈ থাকে!

-হাইনা আজি আমাৰ অফিচত

দিলিপৰ উত্তৰ শেষ কৰাৰ আগতেই অচিন্তই মোৰ কোঠাৰ খিড়িকীৰ গ্লাচেৰে বাহিৰলৈ আঙুলিয়া ক’লে। আমি সকলোৱে সি দেখুৱাৰ ফালে চালো। অৰ্যই আমাৰ CEO চাৰৰ কোঠাৰ বাহিৰত থিয় হৈ সকলো ফালে চাইচে। তাৰপাচত দুৱাৰত টুকুৰিয়াইছে। দুৱাৰৰ নবত ধৰি দুৱাৰ খুলি ভিতৰলৈ প্ৰবেশ কৰিলে।

দৃশ্যটো উপভোগ কৰি সকলো স্বভাবিক হৈ বহিলত লিপিকাই ক’লে

-সি হেনু বাতৰিৰ গোন্ধ পাই।

-বাতৰি থাকিলেহে গোন্ধ পাব।

-সি প্ৰশংসাৰ বাবে বাতৰি বনাই দিয়া মানুহ। সাবধান সকলো।

অচিন্তৰ কথাত অঞ্জনে মাত দিলে। তাকে শুনি অচিন্তই তাক পুনৰ মুখ পাতি ধৰিলে

-কিয়নো সাবধান সাবধান কৈ আছ। তোৰ কিবা গোপন কথা আছে যেন পাইছো। সি গোপন কথাহে বিচাৰি ফূৰে।

-গোপন কথা সকলোৰে থাকে। তোমাৰ নাই জানো অভয়?

হঠাৎ সুধা অঞ্জনৰ প্ৰশ্নত মই মাথো তালৈ মিচিকিয়া হাঁহি এটাহে দিব পাৰিলো। গোপন কথা মানেই অনিতা। যিটো নামে মোৰ বুকুৰ ৰন্ধে ৰন্ধে মাত্ৰ বেদনা দি যায়। মোক সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ দৰে অচিন্তই পুনৰ কৈ গ’ল

-মোৰ কিন্তু একো গোপন-চোপন কথা নাই। মই এখন খোলা কিতাপ।

-খোলা কিতাপ অকল এটা পেজৰ।

-যিখন কিতাপ কোনেও নপঢ়ে।

দিলিপ আৰু দীপকে অচিন্তক কথাৰে জোকালে। এনেতে মোৰ কোঠাৰ দুৱাৰত টুকুৰিয়াই বাপন সোমাই আহি ক’লে।

-অভয় চাৰ আপোনাক CEO চাৰে মাতিছে।

-যা যা, হাইনাৰ লগত চিনাকী হগৈ। গোপন কথা ভালদৰে ৰাখিবি তাৰ আগত নহ’লে মিচাতে আৰ্যক মাৰিবলৈ বিচাৰি ফুৰিব লাগিব আমি।

অচিন্তই মোলৈ চাই ক’লে। তাৰ কথাত আমি সকলোৱে হাঁহিলো। অঞ্জনে উঠি মোক হেণ্ডচেক এটা দি ক’লে

-All the best. অভিনীতাক হেণ্ডেল কৰাৰ দৰে ভালকৈ।

-ধন্যবাদ। তোমালোক ইয়াতে বহা। আপডেট লাগিব নহয়!

মই থিয় হৈ সকলোলৈ এবাৰ চালো। টাইডাল আৰু চুলিকোচা ঠিক কৰি CEO চাৰৰ ৰুমলৈ বুলি খোজ দিলো।

Thanks for reading. Please vote comment and share. It encourage me for further writing.

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now