২২

48 4 2
                                    


- May I come in sir?

CEO চাৰৰ ৰুমৰ দুৱাৰখন সামান্য থেলি সুধিলো। চাৰে পুন চাততে প্ৰত্যুত্তৰ দিলে

- অভয়, yes please come in. Make a sit.

- Thank you sir.

- তুমি এখেতক নিশ্চয় চিনি পোৱা?

মই CEO চাৰে দেখুৱাই দিয়া চকীখনত বহাৰ পাচত তেখেতে আৰ্যক দেখুৱাই মোক সুধিলে। মই আৰ্যলৈ মোৰ সোঁহাতখন আগবঢ়াই দি ক’লো

- কিয় নাপাম চাৰ। এখেতক অসমৰ কোনে চিনি নাপায়?

আৰ্যই মোৰ হাতখনলৈ তেওঁৰ হাতখন আগবঢ়াই হেণ্ডচেক দি কয়

- নাই নাই। মই এতিয়াও আপোনাৰ সমান হ’ব পৰা নাই। চেষ্টাহে চলাই আছো।

- মোক কিয় লাজ দিছে! এই কেইদিন TV ৰ Screenবোৰত কেৱল আপোনাৰে ছবি। আপোনাৰে চৰ্চা। আপোনাক এনেকৈ লগ পায় মই নিজকে ভাগ্যবান বুলি ভাবিছো।

- ধন্যবাদ। কিন্তু মই জনাত সকলোৱে মোৰ পৰা পলাবহে বিচাৰে। মোক লগ পোৱাটো দুৰ্ভাগ্য বুলিহে গণ্য কৰে। বিশেষকৈ যেতিয়াৰ পৰা প্ৰশান্তৰ বাতৰিটো সম্প্ৰচাৰ হৈছে তেতিয়াৰ পৰা।

আৰ্যই মোৰ পৰা চকু CEO চাৰলৈ ঘূৰাই কৈ থাকিল

- বহু সময়ত মোৰ দৰে মানুহৰ মাৰ খোৱাৰ ভয় থাকে।

- শুনিছো, প্ৰশান্তই তোমাক বিচাৰি ফূৰিছে। ভাল সাংবাদিকৰ এনে বিপদ হৈ থাকে। সেয়ে আমি তোমাৰ কামৰ শলাগ লওঁ। নে কি কোৱা অভয়?

- হয় চাৰ। একদম ঠিক কৈছে। প্ৰশান্তৰ দৰে Hunter ৰ মুখা খুল খাই যোৱাটো আজিৰ সমাজৰ বাবে খুবেই প্ৰয়োজনীয় আছিল। আপোনাৰ দৰে সাংবাদিকক আমি নটশিৰে প্ৰণাম জনাও।

CEO চাৰে চিনাকী কৰি দিয়াৰ বাবে আৰ্যক সচাঁই মিছাই প্ৰশংসা কৰি নিজৰ জিভাকে নিজে কামোঁৰিলো। কিছু ক্ষণ নিৰবতাৰ পাচত আৰ্যই মোক নিৰিক্ষণ কৰি ক’লে

- আপোনাৰ একো অপবাদ নাই নি? নে আপুনি কথা লুকুৱাত ভাল?

মই ভাবিলো মোৰ আকৌ কথা লুকুৱাবলৈ আছে কি! নিজৰ অতিতৰ পৰা নিজেই পলাই কাৰ পৰা কিনো লুকুৱাম! তাকে ভাবি তেখেতক সুধিলো

- লুকুৱাত ভাল! কি আছে লুকুৱাবলৈ! আপুনি পাৰে যদি এটা কাহানী তৈয়াৰ কৰক। তেতিয়া মইও মুখ্যবাতৰিত থাকিম। জনপ্ৰিয় হৈ যাম।

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now