৩৬

34 5 1
                                    

- খুৰী গিৰি ঘৰত আছেনে?

- আছে কোন?

মোৰ মাত শুনি বাহিৰলৈ ওলাই আহাৰ আগত গিৰিৰ মাকে মাত দিলে।

- মই, অভয়।

তেখেতে দুৱাৰ খুলি মোক ভিতৰলৈ মাতিলে। অনিতাক দেখি প্ৰশ্ন কৰাৰ আগতেই মই তাইৰ চিনাকী দিলো। তাইৰ নাম শুনা মাত্ৰকে খুৰীৰ ভাৱ-ভঙ্গিৰ পৰিবৰ্তন হ’ল। তেখেতে আঠে-বেঠে তাইক আকোঁৱালি ল’লে। তেখেতে তাইক কোৱা কথাৰ একো আতা-পাতা মই নাপালো। তাইক গিৰিক চাব খুজাত আমাক গিৰিৰ ৰুমটোলৈ যাবলৈ দি তেখেত পাকঘৰত সোমাল। অনিতা মোৰ লগত নাহি খোৰীৰ লগত পাকঘৰত সোমাল। গিৰিৰ ৰুমত সোমাই মই আচৰিত। তাৰ হাত, ভৰি আৰু মূৰত বেণ্ডেজ। তেতিয়া মই খোৰী আৰু অনিতাই পতা কথাৰ অৰ্থ অলপ বুজিব পাৰিলো। কিন্তু সম্পূৰ্ণ নহয়। সেয়ে মই গিৰিৰ কাষত বহি সুধিলো

- কি হ’ল তোৰ? কোনোবাই মৰিলে নেকি?

- মোলেং হতঁৰ গ্ৰোপে। কালি মোক মাৰিয়ে পেলালে হয়। অনিতা সময়ত পালেহি বাবে বাচিলো।

- মানে?

- মাধুৰীবা আহিছিল। কালি মই তাইক আগবঢ়াই থৈ আহোতে সেই তিনিয়ালি চোকৰ নিজান টোকোৰাতে মোলেং হতঁৰ গ্ৰোপে মোক পাই গ’ল। সিহঁতি চাগে মোক আগতে দেখা পাই মোৰ বাবে খাপ পিতি আছিলে। সেইদিনাৰ পুতক তুলিবলৈ চাগে। মই কিবা ধৰিব পৰাৰ আগতেই মোক সিহঁতে মাৰিবলৈ ধৰিলে। মই দুটামানক দুমাৰ মান দিলো যদিও সিহঁতে মোক পেলাই পেলাই পিতি থাকোতেই অনিতা আৰু তাইৰ বায়েক ক’ৰবাৰ পৰা পালেহি। তাই সিহঁতক বাধা দিলত সিহঁতে তাইক বেয়া ব্যৱহাৰ কৰিবলৈ ল’লে। বেয়া মানে একেবাৰে অশ্লিল।সিহঁতৰ কান্দ দেখি বায়েকে দৌৰ দিলে৷ কিন্তু অনিতাই  খঙত সিহঁতৰ কেইটামানক এনেকুৱা মাধমাৰ দিলে। ত’ত ধৰিবই নোৱাৰাকৈ ঠাইতে পৰি ৰ’ল৷ তেনেতে অনিতাৰ বায়েকে দেউতাৰ লগৰ কেইজনমানক লগত লৈ সেইখিনি পালেহি৷ সিহঁত আটাইকেইতাই যেনিতেনি পলাল। তাৰে দুটামানক ধৰি গাড়ীত তুলি ল’লে৷ মোকো সেই গাড়ীৰে ঘৰত নমাই থৈ গ’ল৷ তাইৰ এক্সনবোৰ বুজিছ! পোৰা চাইনিজ চিনেমাত দেখা নায়িকাৰ দৰেই লাগিল। একদম। তই নেদেখিলে। তাইক মিচাতে ভুল বুজি আছিলো আমি। আচলতে তাই বৰ ভাল। আনতকৈ বহুত বেলেগ।

Unspoken  - নোকোৱাকৈ থাকি গ'লWhere stories live. Discover now